বৰপেটা, ৪ এপ্ৰিলঃআই পি এল নামত জুৱাই ছানি ধৰিছে এতিয়া সমগ্ৰ বৰপেটা অঞ্চল ৷ বৰপেটা চহৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আই পি এলৰ নামত চলি আছে জুৱা খেল ৷ আই পি এল জুৱাৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযান চলাই হাউলী আৰক্ষীয়ে আটক কৰে এজন জুৱাৰীক ৷ হাউলী চহৰৰ সমীপৰ জয়পুৰ বজাৰৰ পৰা আটক কৰে যুৱকজনক ৷ আটকাধীন যুৱক জন হৈছে যশিহাটী গাঁওৰ বাদশাহ মিয়াৰ পুত্ৰ মবিনুৰ ৰহমান ।
আই পি এলৰ নামত জুৱা, হাউলীত আটক এজন
আই পি এলৰ নামত ৰাজ্যত চলিছে এতিয়া ব্যাপক জুৱা৷ বৰপেটাৰ হাউলীত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন লোকক ৷
আৰক্ষীৰ সূত্ৰই জনোৱা মতে আই পি এল আৰম্ভ হোৱাৰ দিনৰ পৰাই তিনিজন যুৱকে জয়পুৰ বজাৰৰ এখন গেলামালৰ দোকানৰ পৰা চলাই আহিছিল আই পি এলৰ নামত জুৱাৰ বেহা । হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোশ্বামীৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷ অৱশ্যে আৰক্ষীয়ে এজন আটক কৰিলেও আন দুজন জুৱাৰী পলাই জাবলৈ সক্ষম হয় ৷
জয়পুৰ বজাৰত থকা জুৱাৰ ঘাটিটো উচ্ছেদ কৰি আটকাধীন জুৱাৰীটোৰ পৰা দুটা মোবাইল ফোন , নগদ ধন, লগতে কিছু নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটকাধীন যুৱক জনৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত ১৪ অফ আসাম গেম এণ্ড বেটিং এক্ট ১৯৭০ ধাৰাত ১৪৯/১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছে ৷