বৰপেটা, ৪ নৱেম্বৰ: বুধবাৰে ইহলীলা সম্বৰণ কৰা বৰপেটাৰ শিৰোমণি জগন্নাথ বায়নৰ শেষকৃত্য বৃহস্পতিবাৰে সম্পন্ন কৰা হয় । ৯৬ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটা সত্ৰীয়া শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি সত্ৰীয়া পৰম্পৰাৰে গায়ন-বায়নৰ খোল-তালৰ শব্দৰ মাজেৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখলৈ নিয়া হয় । লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা সত্ৰ ভূষণ উপাধিৰে বিভূষিত জগন্নাথ বায়নৰ নশ্বৰ দেহ লগত লৈ বৰপেটা চহৰত শোভাযাত্ৰা কৰে ভকতবৃন্দই ।
ইয়াৰ পিছতে বৰপেটাৰ বিভিন্ন দল-সংগঠনে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় । আজি নখন্দা নদীৰ পাৰৰ ৰাজহুৱা শ্মশানত জগন্নাথ বায়নৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ শিল্পীগৰাকীৰ মৃত্যুত বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,বৰপেটা অভিভাৱক মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস আদিয়ে শোক প্ৰকাশ কৰিছে ৷