বৰপেটাৰোড 2 ফেব্ৰুৱাৰীঃবৰপেটাৰোডৰ বৰনগৰত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ ৷ চৰকাৰীভাৱে স্বীকৃতি নোপোৱা স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাই 87 বছৰ বয়সত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে । বৰনগৰৰ ব্ৰজনাথ শৰ্মা, গকুল পাঠকৰ সহযোগত চলা ভাৰতৰ স্বাধীনতা আন্দোলনত আগৰণুৱা আছিল অঞ্জনা বৰুৱা ৷ এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে 12 বছৰ বয়সতে মহা মানৱ মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহি গান্ধীৰ আন্দোলনৰ সক্ৰিয় কৰ্মী হৈ পৰিছিল ৷ জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধী সৰভোগত চাৰিবাৰ কৈ আহিছিল । ১৯৪৬ চনত শেষবাৰৰ বাবে মহাত্মা গান্ধীয়ে ৰে'ল যোগে সৰভোগলৈ অহা সময়ত সৰভোগ ৰে'ল ষ্টেচনত ডবাৰ ভিতৰতে গান্ধীক শেৱালি ফুলৰ মালা পিন্ধাই আদৰণি জনাইছিল অঞ্জনা বৰুৱাই । মৃত্যুৰ আগমূহুৰ্তলৈকে গান্ধীৰ আদৰ্শৰে চলা অঞ্জনা বৰুৱাক সৰভোগ আৰক্ষী চকীত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ লোৱা সময়তে গুলীবৰ্ষণ কৰে আৰক্ষীয়ে ৷ সৌভাগ্যক্ৰমে স্বাধীনতা সংগ্ৰামী গৰাকীৰ গাত গুলি নালাগিল যদিও কাণৰ কাষেৰে গুলী পাৰ হৈ যোৱাত গুলীৰ শব্দত অচেতন হৈ পৰিছিল বুলি মন্তব্য কৰে অঞ্জনা বৰুৱাৰ নাতিনীয়েকে ৷
মহাত্মা গান্ধীৰ সৈতে মাত্ৰ 12 বছৰ বয়সতে স্বাধীনতা সংগ্ৰামত নামি পৰা বৰনগৰৰ মহিলাগৰাকী - স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱা
বৰপেটাৰোডৰ বৰনগৰত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ ৷ শনিবাৰে 87 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গান্ধী আদৰ্শৰে চলা চৰকাৰীভাৱে স্বীকৃতি নোপোৱা স্বাধীনতা সংগ্ৰামী গৰাকীয়ে ৷
সৰভোগত দেহাৱসান স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাৰ
উল্লেখ্য যে, বৰনগৰৰ এই গৰাকী স্বাধীনতা সংগ্ৰামী অঞ্জনা বৰুৱাক চৰকাৰে স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়া নাছিল যদিও বৰনগৰৰ ৰাইজ আৰু সাংবাদিক সকলেহে অঞ্জনা বৰুৱাক স্বাধীনতা সংগ্ৰামী বুলি স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে অঞ্জনা বৰুৱাৰ নাতিনীয়ে ৷
আৰু পঢ়কঃ মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ