অসম

assam

ETV Bharat / state

হাউলীৰ দশম বেটেলিয়নৰ উদ্যোগত বিনামুলীয়া চিকিৎসা শিবিৰ - তিনিজন চিকিৎসক

বৰপেটা জিলাৰ হাউলীৰ চি আৰ পি এফৰ দশম বেটেলিয়নৰ উদ্যোগত শুকুৰবাৰে সৰুপেটাৰ মিলন মন্দিৰত বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় ৷ এই চিকিৎসা শিবিৰটো উদ্বোধন কৰে বেটেলিয়নটোৰ কমাণ্ডেণ্ট পি এছ গাৰ্বিয়ালে ।

free treatment by crpf
শ্বহীদ দিগন্ত বায়নৰ দিৱসত বিনামুলীয়া চিকিৎসা শিবিৰ চি আৰ পি এফৰ

By

Published : Nov 27, 2020, 5:31 PM IST

বৰপেটা 27 নৱেম্বৰঃ বৰপেটা জিলাৰ হাউলীৰ চি আৰ পি এফৰ দশম বেটেলিয়নৰ উদ্যোগত শুকুৰবাৰে সৰুপেটাৰ মিলন মন্দিৰত এক বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় ৷ সৰুপেটাৰ সমীপৰ কলবাৰী গাঁৱৰ শ্বহীদ দিগন্ত বায়নৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি হাউলীস্থিত চি আৰ পি এফৰ দশম বেটেলিয়নে এই শিবিৰৰ ব্যৱস্থা কৰে ৷

শ্বহীদ দিগন্ত বায়নৰ দিৱসত বিনামুলীয়া চিকিৎসা শিবিৰ চি আৰ পি এফৰ

এই চিকিৎসা শিবিৰটো উদ্বোধন কৰে বেটেলিয়নৰ কামাণ্ডেণ্ট পি এছ গাৰ্বিয়ালে । চিকিৎসা শিবিৰত তিনিজন চিকিৎসকে প্ৰায় তিনি শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়াকৈ ঔষধ বিতৰণ কৰে ।

উল্লেখ্য যে, চি আৰ পি এফত কৰ্মৰত শ্বহীদ দিগন্ত বায়ন যোৱা ২০১৩ চনত ছত্তীশগড়ত মাওবাদীৰ লগত হোৱা এক সংঘৰ্ষত নিহত হৈছিল ।

লগতে পঢ়কঃকৃষি আইনৰ বিৰোধিতাত কৃষকৰ দিল্লী চলো কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

ABOUT THE AUTHOR

...view details