অসম

assam

ETV Bharat / state

Free textbook distribution:বৰপেটাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ

বৰপেটাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ (Distribution of free textbooks)। পাঠ্যপুথি বিতৰণৰ বাবে ইতিমধ্যে প্ৰতিটো শ্ৰেণীৰ পাঠ্যপুথি মজুত কৰা বুলি মন্তব্য় উপায়ুক্ত আয়ুষ গৰ্গৰ ।

By

Published : Mar 22, 2023, 2:55 PM IST

Free textbook distribution in Barpeta
বৰপেটাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

বৰপেটা, ২০ মাৰ্চ: অহা পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া ৰাজ্যৰ নতুন শিক্ষাবৰ্ষৰ বাবে বৰপেটা জিলাত সোমবাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় (Free textbook distribution in Barpeta)। এই উপলক্ষে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত জিলা উপায়ুক্ত আয়ুষ গৰ্গে প্ৰতীকি ৰূপত তিনিখন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকক বিনামূলীয়া পাঠ্যপুথিৰ টোপোলা প্ৰদান কৰে (Dakshin Barpeta Vidyamandir Higher Secondary School)। জিলা উপায়ুক্ত গৰ্গে কয় যে কাইলৈৰ পৰা জিলাখনৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানত এই বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ হ'ব ।

বৰপেটাত বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

এই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ বাবে ইতিমধ্যে প্ৰতিটো শ্ৰেণীৰ পাঠ্যপুথি বৰপেটাত মজুত কৰা হৈছে বুলি কয় উপায়ুক্ত আয়ুষ গৰ্গে । ইয়াৰ মাজতো যদি কোনো শিক্ষানুষ্ঠানত কিবা বিসংগতি পোহৰলৈ আহে তেন্তে তৎকালে জিলা শিক্ষা বিভাগক বিষয়টো অৱগত কৰিবলৈ উপায়ুক্ত আয়ুষ গৰ্গে আহ্বান জনায় । উল্লেখযোগ্য যে, চৰকাৰৰ নীতি অনুসৰি প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ- ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা হয় ।

ইপিনে, শিক্ষাৰ্থীসকলক গণিত আৰু বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা প্ৰদানৰ প্ৰদানৰ উদ্দেশ্যে আজি বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা উদ্ভাৱনী সম্প্ৰদায় শিক্ষা কেন্দ্ৰ মুকলি কৰা হয় । ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত এক লাখ টকা ব্যয়ৰে এই কেন্দ্ৰটো গঢ়ি তোলা হৈছে (DC of Barpeta)। উপায়ুক্ত আয়ুষ গৰ্গে আজি এই কেন্দ্ৰটোও মুকলি কৰে । উল্লেখযোগ্য যে ,বৰপেটা হ'ল কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যাশাপূৰ্ণ জিলাসমূহৰ ভিতৰৰ অন্যতম ।

ইয়াৰ অংশ হিচাপে বৰপেটাত যিকেইটা দিশৰ উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে তাৰ ভিতৰত শিক্ষা অন্যতম (National Discovery Mission in Barpeta)। উপায়ুক্ত আয়ুষ গাৰ্গে উল্লেখ কৰে যে প্ৰত্যাশাপূৰ্ণ জিলাৰ পুঁজিৰ পৰা কেন্দ্ৰটো প্ৰয়োজন সাপেক্ষে অধিক উন্নত কৰি তোলা হ'ব । এই কেন্দ্ৰটো বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিলেও অন্যান্য চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত গণিত আৰু বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা গ্ৰহণ কৰিব পাৰিব ।

লগতে পঢ়ক:Punjab police manhunt operation : অমৃতপাল সিঙৰ সমৰ্থনত টুইট কৰাৰ বাবেই বন্ধ হ’ব সাংসদ চিমৰণজিৎ সিঙৰ একাউণ্ট

ABOUT THE AUTHOR

...view details