অসম

assam

কলগাছিয়াত স্বাস্থ্য পৰীক্ষা শিবিৰ

By

Published : Jul 2, 2022, 10:08 PM IST

বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে শনিবাৰে কলগাছিয়ত আমছুৰ দ্বাৰা আয়োজন কৰা হয় এক স্বাস্থ্য শিবিৰ (Free Health Camp organized by AAMSU in Kalgachia) ৷ এই স্বাস্থ্য শিবিৰত প্ৰায় তিনিশ মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

Free Health Camp organized by AAMSU in Kalgachia
কলগাছিয়াত আমছুৰ দ্বাৰা আয়োজন স্বাস্থ্য শিবিৰ

কলগাছিয়া, 2 জুলাই : শনিবাৰে কলগাছিয়াত আয়োজন কৰা হয় এটা স্বাস্থ্য শিবিৰৰ (Free health camp at kalgachia) ৷ বানৰ পাচত হ’ব পৰা বিভিন্ন ৰোগৰ পৰা কিছু পৰিমাণে হ’লেও বনাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে কলগাছিয়া জিলা আমছুৰ অন্তৰ্গত সাওৰাচৰা, চিকনী শোলমাৰী আঞ্চলিকৰ উদ্যোগত আৰু কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বানাক্ৰান্ত অঞ্চল সাওৰাচৰাত আয়োজন কৰা হয় এই স্বাস্থ্য শিবিৰৰ ।

আমছুৰ দ্বাৰা আয়োজন স্বাস্থ্য শিবিৰ

স্বাস্থ্য শিবিৰটো আৰম্ভ হোৱাৰ পূৰ্বে বাল্য বিবাহৰ কু-প্ৰভাৱ, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কে সজাগতামূলক সভা এখনৰো আয়োজন কৰা হয় । আমছুৰ দ্বাৰা আয়োজিত এই স্বাস্থ্য শিবিৰত ডাঃ ৰফিকুল ইছলাম, ডাঃ কৃষ্ণকান্ত পাঠক, চি এইচ অ ৰেহেনা পাৰবিনে প্ৰায় তিনিশ মানুহৰ স্বাস্থ্য পৰীক্ষা কৰে ৷লগতে বিনামূলীয়াকৈ কিছু ঔষধো প্ৰদান কৰে ।

কলগাছিয়াত আমছুৰ দ্বাৰা আয়োজন স্বাস্থ্য শিবিৰ

এই স্বাস্থ্য শিবিৰত আমছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ফেৰদ্বাউজ আলী, আমছুৰ কলগাছিয়া সমিতিৰ সম্পাদক আজাদুল ভূঞা, ৰকিবুল ইছলাম, শিৰাজুল হক, শাৰীফুল ইছলাম উপস্থিত থাকে ৷

লগতে পঢ়ক :জামাতুল মুজাহিদীনৰে জড়িত নহয় ইনামুল হক: সুধাকৰ সিং

ABOUT THE AUTHOR

...view details