বৰপেটা,8মাৰ্চ: দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ জয়পুৰত অনুষ্ঠিত কৰা হয় ক'ৰণা ভাইৰাছ সন্দৰ্ভত এক বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ ডিয়াৰ ফ্ৰেইণ্ড (এনজিঅ)ৰ উদ্যোগত আৰু স্বাগত হস্পিতাল (গুৱাহাটী)ৰ সহযোগত অনুষ্ঠিত কৰা হয় এই বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ৷ উক্ত চিকিৎসা শিবিৰত চকু, নাক, ডিঙি, হাড় আদিৰ চিকিৎসা প্ৰদান কৰা হয়। ৰোগীসকলক বিনামুলীয়াকৈ দৰব আদিৰো যোগান ধৰা হয় ।
বৰপেটাত অনুষ্ঠিত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ - কলগাছিয়াৰ জয়পুৰত অনুষ্ঠিত কৰা হয়
বৰপেটাত ডিয়াৰ ফ্ৰেইণ্ড আৰু স্বাগত হস্পিতালৰ সহযোগত আয়োজন কৰা হয় বিনামুলীয়া এক স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ ক'ৰণা ভাইৰাচৰ সজাগতাৰ লগতে নাৰী দিৱসৰ লগতে সংগতি ৰাখি এই শিবিৰটোৰ আয়োজন কৰা হয় ৷
![বৰপেটাত অনুষ্ঠিত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ Free Health Camp at barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6339876-624-6339876-1583668111971.jpg)
বৰপেটাত অনুষ্ঠিত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
বৰপেটাত অনুষ্ঠিত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
উল্লেখ্য যে, অঞ্চলটোত ক'ৰণা ভাইৰাচৰ সজাগতাৰ লগতে নাৰী দিৱসৰ লগতে সংগতি ৰাখি এই শিবিৰটোৰ আয়োজন কৰা হয় ৷ শিৱিৰটোত বহুকেইজন অভিজ্ঞ চিকিৎসক উপস্থিত থাকে। স্বাস্থ্য শিবিৰটোত অঞ্চলৰ তিনি শতাধিকৰো অধিক লোকক চিকিৎসা প্ৰদান কৰা হয় ।