জনীয়া, 19 আগষ্ট:ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে ঠগ প্ৰৱঞ্চনাৰ দৰে ঘটনা ৷ বিভিন্ন সময়ত নানান চল চাতুৰিৰে বহু প্ৰৱঞ্চকে ধন লুণ্ঠনৰ বহু ঘটনা দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে কলগাছিয়াত ৷ এজন লোকে কলগাছিয়াত বিভিন্ন লোকৰ পৰা প্ৰৱঞ্চনা কৰি টকা লৈ উধাও হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
নাম ৰকিবুল ইছলাম। ঘৰ ধুবুৰী জিলাত যদিও বৰ্তমান বৰপেটা ৰোডৰ খোলাবান্দাৰ বাসিন্দা। ভিন্ন অজুহাতত ভিন্নজনৰ পৰা টকালৈ পলায়ন কৰিছিল ৰকিবুলে ৷ উল্লেখ্য যে প্ৰায় তিনি বছৰ পূৰ্বে দক্ষিণ কলগাছিয়াৰ কে বি মাৰ্কেটত খুলিছিল এটা কাপোৰৰ কাৰখানা ।
কাৰখানা খোলাৰ পিছৰে পৰাই ৰকিবুল আৰু তেওৰ পত্নী জেছমিনা খাতুনে দক্ষিণ কলগাছিয়াৰ লগতে বালাৰপাথাৰ আৰু কলগাছিয়াৰ ভিন্ন লোকৰ পৰা বিভিন্ন অজুহাতত টকা ধাৰে লোৱাৰ দলিলত চুক্তি কৰি টকা লোৱাৰ উপৰি বহুতৰে পৰা সুততো লৈছিল ধন । তেওলোকৰ ভাড়া ঘৰৰ মালিকৰ পত্নীৰ পৰাও টকা ধাৰে লোৱাৰ লগতে আব্দুল হালিম নামৰ এজন ব্যাক্তিক মাটিৰ দলিল বন্ধকত দি লৈছিল 7 লাখ টকা । তাৰোপৰি পত্নীৰ নামত থকা মাটি বিক্ৰী কৰিব বুলি কৈ ৰকিবুলে বহু কেইজনৰ পৰা টকা সংগ্ৰহ কৰি কৰিছিল পলায়ন ।