কলগাছিয়া, ১১ এপ্ৰিল : বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে প্ৰৱঞ্চকৰ কবলত পৰিবলগা হৈছে সহজ-সৰল ব্যক্তি । বিশেষকৈ চৰকাৰী আঁচনিৰ ধন এটা চামে চলে বলে কৌশলে হস্তগত কৰাৰ বিভিন্ন কূট-কৌশল ৰচনা কৰি আহিছে । শেহতীয়াভাৱে বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে তেনে এক প্ৰৱঞ্চনাৰ ঘটনা । কলগাছিয়াত দৰিদ্ৰ মহিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন প্ৰৱঞ্চনাৰে হৰলুকি কৰে এজন যুৱকে (fraud in PMGAY scheme) । অৱশ্যে এই ঘটনাত জড়িত যুৱকজনক ৰাইজে আটক কৰিবলৈ সক্ষম হয় (fraudster arrested in Kalgachia) ।
ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক এক উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে, বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়তৰ নদিয়ালপাৰা গাঁৱৰ দৰিদ্ৰ মহিলা ছালেহা খাতুন বলি হ'ব লগা হয় এই প্ৰৱঞ্চনাৰ । ছালেহা খাতুনৰ অজ্ঞতাৰ সুযোগ লৈ বেংকৰ পৰা টকা তোলাত সহায় কৰি দিব বুলি কৈ একে গাঁৱৰে প্ৰৱঞ্চক মুফাজ্জেল হুছেইনে মহিলাগৰাকীৰ আধাৰ কাৰ্ড আৰু ফিংগাৰ প্ৰিণ্ট লয় । পিচত গোপনে মহিলাগৰাকীৰ গৃহৰ টকা যুৱকজনৰ নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি লয় ।