অসম

assam

ETV Bharat / state

Fraudster arrest in Barpeta : বৰপেটাত ৰাইজৰ ৰোষত পৰিল প্ৰৱঞ্চক - কলগাছিয়াৰ গুনীয়ালগুৰিত প্ৰবঞ্চকৰ দপদপনি

দীৰ্ঘদিন ধৰি দুজন ব্যক্তিয়ে বৰপেটাৰ ৰাইজক বিভিন্ন ধৰণে প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উঠিছে । অৱশেষত ৰাইজে কৰায়ত্ত কৰিছে প্ৰbঞ্চক দলটোৰ এজনক (Fraudster arrested in Barpeta)। বৰ্তমান কালগাছিয়াৰ থানাৰ আলহী প্ৰৱঞ্চকটো ।

Fraudster arrest
বৰপেটাত ৰাইজৰ ৰোষত পৰিল প্ৰবঞ্চক

By

Published : Jan 11, 2022, 9:24 PM IST

জনীয়া,১১ জানুৱাৰী :বৰপেটা জিলাৰ কলগাছিয়াৰ গুনীয়ালগুৰিত প্ৰৱঞ্চকৰ দপদপনি । বিভিন্ন আঁচনিৰ নামত ৰাইজৰ পৰা ধন লুণ্ঠনৰ জাল পেলোৱা প্ৰৱঞ্চকক মঙলবাৰে আটক কৰিবলৈ সক্ষম হয় । ৰাইজক বিভিন্ন প্ৰলোভন দি ধন সংগ্ৰহৰ চেষ্টা কৰাৰ সময়তে ৰাইজে কৰায়ত্ত কৰে প্ৰৱঞ্চকক (Fraudster arrested in Barpeta )।

অভিযোগ অনুসৰি ভেল্লাৰ ইমৰাজ চাইফ আৰু পীৰু আলীয়ে কনকলতা জনসেৱা চ'ছাইটিৰ নাম লৈ দীৰ্ঘদিনৰ পৰাই ৰাইজক প্ৰৱঞ্চনা কৰি আহিছে । ইতিমধ্যে তেওঁলোকে প্ৰায় ২৫০ হিতাধিকাৰীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰিছে । ইফালে এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় সাংবাদিকৰ দল । সাংবাদিকক দেখাৰ লগে লগে পিৰু আলী নামৰ প্ৰবঞ্চকটো পলাই যাবলৈ সক্ষম হয় যদিও ইমৰাজ চাইফ নামৰ প্ৰবঞ্চকটোক ৰাইজে ধৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে ।

বৰপেটাত ৰাইজৰ ৰোষত পৰিল প্ৰৱঞ্চক

প্ৰৱঞ্চক ইমৰাজ চাইফৰ পৰা আৰক্ষীয়ে নগদ ২,২০০ টকা, এটা ম'বাইল ফোন আৰু ভালেখিনি আপত্তিজনক নথি পত্ৰ জব্দ কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে এনেদৰে বিভিন্ন পন্থাৰে একাংশ প্ৰৱঞ্চকে সৰ্বসাধাৰণ ৰাইজক প্ৰৱঞ্চনা কৰা দেখা গৈছে । অৱশ্যে এনেকুৱা প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :Drugs Seized at Bokajan : বোকাজানত 8 কোটি মূল্যৰ ড্ৰাগছসহ এজনক আটক

ABOUT THE AUTHOR

...view details