জনিয়া, 26 জুলাই :কলগাছিয়াত স্মাৰ্ট ভেলু কোম্পানী নামৰ এটা প্ৰতিষ্ঠান চলোৱা চাৰি প্ৰৱঞ্চকক আটক কৰিলে আৰক্ষীয়ে । নিৱনুৱা যুৱক-যুৱতীক কম্পিউটাৰ শিক্ষা(computer education) দিয়াৰ নামত চাৰি যুৱকে সংগ্ৰহ কৰিছিল লাখ লাখ টকা । বৃহত্তৰ কলগাছিয়া অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতীৰ পৰা অবৈধভাৱে ১৮ হাজাৰকৈ টকা সংগ্ৰহ কৰা স্মাৰ্ট ভেলু (smart value) নামৰ প্ৰতিষ্ঠানটো ছীল কৰি দিবলৈ দাবী উত্থাপন কৰিছে ভূক্তভোগী সকলে ।
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত স্মাৰ্ট ভেলু নামৰ ব্যক্তিগত কোম্পানীটোৱে যুৱক-যুৱতী সকলক কম্পিউটাৰ শিক্ষা দিয়াৰ লগতে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল ৷ কিন্তু, কলগাছিয়া অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতীক বাইক, সংস্থাপন, কম্পিউটা, বেগ আদি প্ৰদানৰ নামত প্ৰত্যেকৰে পৰা ১৮ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷ কোম্পানীটোৰ কৰ্মৰত নাছিৰুল ইছলাম, ৰহিজুল তালুকদাৰ, মিন্টু ৰায়, বিষ্ণু বৰ্মন আৰু ৰাজিবুল ইছলামে এই ধন সংগ্ৰহ কৰিছিল ৷
লগতে পঢ়ক :নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক