বৰপেটা, 7 ফেব্ৰুৱাৰী : বৰপেটা চহৰত অৱস্থিত জননেতা মহেন্দ্ৰ মোহন চৌধুৰী স্মৃতি উদ্যানত দেওবাৰে মুকলি-জীমৰ আধাৰশিলা স্থাপন কৰা হয়(Foundation stone of open gym laid in Barpeta) ৷ বৰপেটা জিলাৰ সাংসদ আব্দুল খালেকৰ উন্নয়ন পূঁজিৰ ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা জীমৰটোৰ আধাৰশিলা স্থাপন কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷
Open gym: বৰপেটাত মুকলি-জীমৰ আধাৰশিলা স্থাপন - কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ
বৰপেটা চহৰস্থিত জননেতা মহেন্দ্ৰ মোহন চৌধুৰী স্মৃতি উদ্যানত মুকলি-জীমৰ আধাৰশিলা স্থাপন (Foundation stone of open gym laid in Barpeta) ৷
লগতে উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহন কৰে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে ৷ জীমটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত উদ্যানখনলৈ অহা বিভিন্ন বৰ্গৰ লোকে খোজ কঢ়া আৰু ব্যায়ামৰ লগতে পৰৱৰ্তী সময়ত জীমৰ অন্য সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইফালে আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহন কৰি বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে নিজৰ শৰীৰটো সুস্থ কৰি ৰখাটো অতিকে জৰুৰী বুলি মন্তব্য কৰি জীমটো মুকলি হ'লে বৰপেটাৰ স্বাস্থ্য সচেতন লোকসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে ৷
আনহাতে বিধায়ক আব্দুৰ ৰহিম আহমেদে বৰপেটা সত্ৰৰ ভূমি বেদখলক লৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে কৰা মন্তব্যৰ লগত কংগ্ৰেছ দল কোনো প্ৰকাৰে জড়িত নহয় বুলি উল্লেখ কৰে ৷ আনকি বিধায়কগৰাকীৰ মন্তব্য গৰিহনাযোগ্য আৰু দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰাই ইতিমধ্যে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে বৰপেটাৰ বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক :Eviction Drive in Barpeta Satra: বৰপেটা সত্ৰৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান