বৰপেটা, ৩ অক্টোবৰ :অসমৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্যতম সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফ (AIUDF)।২০০৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩ অক্টোবৰত মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হৈছিল এআইইউডিএফৰ ৷ এআইইউডিএফ দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলীয় কাৰ্যালয়সমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ঠিক তেনেদৰে বৰপেটা জিলাতো এআইইউডিএফ দলে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত পালন কৰা হয় দলটোৰ প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে । অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ প্ৰায় নিশ্চিত হৈ আছে । বাকী কেইটা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ে অতি শীঘ্ৰে দলে সিদ্ধান্ত ল'ব বুলি তেওঁ উল্লেখ কৰে ।
ইফালে ভৱানীপুৰ সমষ্টি প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে বিশ্বাসঘাতকৰ পৰিণাম কেতিয়াও ভাল নহয় । ভৱানীপুৰত এআইইউডিএফ দলে চতুৰ্থবাৰৰ বাবে বিজয় নিশ্চিত কৰিব বুলিও তেওঁ দাবী কৰে ৷ আনহাতে সমষ্টিটোত পূৰ্বৰ তুলনাত অধিক ভোটত জয়ী হ'ব বুলিও তেওঁ নিশ্চিত ।