বৰপেটা,৮ ফেব্ৰুৱাৰী: ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত অসম গণ পৰিষদ চৰকাৰৰ দিনত বৰপেটা জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত স্থাপন কৰা চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ে সোমবাৰে ৩৪ বছৰ অতিক্ৰম কৰে । সেই উপলক্ষে বাহিনীৰ বিষয়া-জোৱানসকলে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
কাৰ্যসূচী অনুসৰি পুৱা অসম আৰক্ষীৰ পতাকা উত্তোলন আৰু শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বাহিনীৰ সহ-অধিনায়ক অনিৰ্বাণ শৰ্মাই । পতাকা উত্তোলন কৰি অনিৰ্বাণ শৰ্মাই বাহিনীৰ প্ৰতিজন বিষয়া আৰু জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি শ্বহীদ বীৰসকলক শ্ৰদ্ধাৰে সুঁৱৰে । তদুপৰি আৰক্ষী বাহিনীটোৰ সফলতা আৰু জন সাধাৰণক প্ৰদান কৰি অহা অহৰহ নিৰাপত্তাৰ দিশত ভাষণ প্ৰদান কৰে অনিৰ্বাণ শৰ্মাই ।