বৰপেটা, 2 এপ্ৰিলঃ দিল্লীৰ হজৰত নিজামুদ্দিন মাৰ্কাজৰ তবলিগৰ পৰা ওভতি অহা বৰপেটাৰ ৮ গৰাকী লোকৰ দেহত এতিয়ালৈকে ধৰা পৰা নাই কভিড-19ৰ অৱস্থিতি ৷ নিজামুদ্দিনৰ পৰা অহা বৰপেটা জিলাৰ ৮ গৰাকী ব্যক্তিক বৰ্তমান বৰপেটা মেডিকেল কলেজত ক্যুৱাৰান্টাইনত ৰখা হৈছে ৷ মঙলবাৰে নিশা আৰক্ষীৰ সহযোগত ক্যুৱাৰান্টাইন কৰা হৈছিল এই লোক কেইজনক ৷ বুধবাৰে আটাইকেইজন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই পৰ্যন্ত তেওঁলোকৰ দেহত ধৰা পৰা নাই মাৰাত্মক বীজানু বিধৰ অৱস্থিতি ৷ এই তথ্য প্ৰকাশ কৰে বৰপেটা জিলাৰ কভিড-19 ৰ আৰআৰটিৰ ন'ডেল বিষয়া ডাঃ সত্যেন্দ্ৰ তালুকদাৰে ৷
বৰপেটাৰ ৮ জন ব্যক্তিৰ দেহত এতিয়ালৈকে ধৰা পৰা নাই ক'ভিড 19ৰ অৱস্থিতি
মঙলবাৰে নিশা আৰক্ষীৰ সহযোগত বৰপেটা মেডিকেল কলেজ হাস্পাতালত ক্যুৱাৰান্টাইন কৰা ৮ গৰাকী লোকৰ দেহত এতিয়ালৈকে ধৰা পৰা নাই কভিড-19ৰ অৱস্থিতি ৷ এই তথ্য প্ৰকাশ কৰে বৰপেটা জিলাৰ কভিড-19 ৰ আৰআৰটিৰ ন'ডেল বিষয়া ডাঃ সত্যেন্দ্ৰ তালুকদাৰে ৷
এতিয়ালৈকে ধৰা পৰা নাই ক'ভিড 19ৰ অৱস্থিতি