গুৱাহাটী/বৰপেটা, ২৫ অক্টোবৰ :ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰাক্তন সম্পাদক, (former secretary of BJP Sukumar Biswas dies), বৰ্তমান অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ, সদৌ অসম বঙালী যৌথ মঞ্চৰ সভাপতি তথা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ দেহাৱসান । সোমবাৰে নিশা ১২.১৫ বজাত GMCH-ত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বাসে । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ GMCH-ত চিকিৎসাধীন হৈ আছিল বিশ্বাস ।
সুকুমাৰ বিশ্বাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma expressed grief) । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ মাননীয় উপাধ্যক্ষ তথা বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা সুকুমাৰ বিশ্বাসদেৱৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিলে । ছাত্ৰাৱস্থাৰ পৰাই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত বিশ্বাসদেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’’
আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও (Central Minister Sarbananda Sonowal) সুকুমাৰ বিশ্বাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় সোণোৱালে ।
ইপিনে অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ (Assam Linguistic Minorities Development Board) উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা সুকুমাৰ বিশ্বাসৰ অকাল মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে । কলিতাই কয়, প্ৰয়াত সুকুমাৰ বিশ্বাসে দলৰ সাংগঠনিক ভেটি সবল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে । তেওঁৰ দৰে এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাৰ বিয়োগ দলৰ বাবে অপূৰণীয় ক্ষতি ।