বৰপেটা, ২৭ ডিচেম্বৰঃ ৰাইজৰ দলৰ সৰুক্ষেত্ৰী সমষ্টিৰ সমিতি গঠন কৰাৰ উদ্দেশ্যে বৰপেটাৰ সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ এখন বৃহৎ সভা অনুষ্ঠিত হয় ৷ সভাত কমল কুমাৰ মেধি, অভিনেত্ৰী জেৰিফা ৱাহিদ, হুছেইন মহম্মদ ছাহজাহান, প্ৰভাত বৈষ্ণৱ আদিকে ধৰি কেবাগৰাকী ৰাইজৰ দলৰ নেতা উপস্থিত থাকে ৷
সভাত কমল কুমাৰ মেধিয়ে নামনি অসমৰ মুছলমান সমাজ এতিয়া কংগ্ৰেছ, এআইইউডিএফৰ ভোট বেংক হৈ থকা নাই বুলি মন্তব্য প্ৰকাশ কৰে ৷ মেধিয়ে লগতে অখিল গগৈৰ সন্দৰ্ভত কয়, বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি জাতীয় দল সংগঠনৰ পৃষ্ঠপোষকতাত গঠন হোৱা ৰাইজৰ দলৰ ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ'বলগীয়া জাতীয় অভিৱৰ্তনৰ পূৰ্বেই অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব ৷
মুছলমান সমাজ এতিয়া কংগ্ৰেছ, এআইইউডিএফৰ ভোট বেংক নহয় ইফালে, 21 নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে ৷ সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ'ব লগা অধিবেশনতে দলে কিমান সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব, কোন কোন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব সেই সম্পৰ্কে প্ৰস্তুত কৰা হ'ব ৷
ইয়াৰ সমান্তৰালভাৱে সভাত অংশগ্ৰহণ কৰি অভিনেত্ৰী জেৰিফা ৱাহিদে প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাস কৰা হেতুকে ৰাইজৰ দলত যোগদান কৰা কথা জানিবলৈ দিয়ে ৷ তদুপৰি ৰাইজৰ দল কেইজনমান নেতা কৰ্মীৰ দল নহয় বুলি মত প্ৰকাশ কৰি ৰাইজৰ দল প্ৰকৃতাৰ্থতে ৰাইজৰ দল বুলিও মত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: দেওবাৰে দিনৰ 11 বজাত প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ 'মান কী বাত'