বৰপেটাৰোড, 13 এপ্ৰিল :"ৰাজ্যৰ বন বিভাগটো আমাৰ সম্পদ হোৱা স্বত্বেও এই বন বিভাগৰ পৰা আয় তুলনামূলকভাৱে যথেষ্ট কম হৈছে ৷ তাৰ বিপৰীতে সুৰাৰ বিপনীৰ পৰাহে দুগুণ আয় হৈছে ৷ বন বিভাগৰ বিষয়াসকল বদমাচ ৷ বন বিভাগৰ পৰা মাত্ৰ 3 হাজাৰ কোটি টকা আয় হৈছে যদিও ৱাইনচপৰ পৰা 6 হাজাৰ কোটি টকা আয় হৈছে ৷" বেঁকী নৈৰ পৰা মাত্ৰ 20 কোটি টকা আয় হোৱা বুলি বৰপেটাৰ বনবিভাগে জাহিৰ কৰা কৰাৰ পাচতেই সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই মন্তব্য প্ৰকাশ কৰে (MLA Manoranjan Talukdar slams Forest department) ৷
ক্ষোভিত হৈ বিধায়কগৰাকীয়ে কয়, "বেঁকী নৈৰ পৰা যদি মাত্ৰ 20 কোটি টকা চৰকাৰৰ ঘৰত গৈছে তেন্তে বৰপেটা বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু শিল-বালি কুৱেৰীৰ স্বত্বাধিকাৰীসকলৰ ঘৰত কিমান কোটি টকা গৈছে (Forest department is most corrupt department)? চালান নোহোৱাকৈ অবৈধভাৱে শিল-বালিৰ মহলদাৰসকলে অবাধ গতিত বেঁকী নৈত লুণ্ঠন চলাই কেবা শ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে চৰকাৰৰ ঘৰত মাত্ৰ 20 কোটি টকাহে জমা কৰিছে ৷"