বৰপেটা, ২৪ মে':সোমবাৰে তথা ২৫ মে'ত অনুষ্ঠিত হ'ব পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ঈদ-উল-ফিটৰ উপলক্ষে দেওবাৰে বৰপেটাত সমাজকৰ্মী উত্তম কুমাৰ ঘোষে দুখীয়া লোকৰ মাজত বিতৰণ কৰে খাদ্যসামগ্ৰীৰ লগতে বস্ত্ৰ আৰু মাস্ক ৷ ব্যৱসায়ীগৰাকীয়ে দেওবাৰে বাঁহমুৰা গাঁৱৰ নিজ গৃহত অঞ্চলটোৰ ধানবন্ধা, গৰেমাৰী, গৰেমাৰী পথাৰ, দনাকুছি, বাঁহমুৰা, জাহোৰপাম আৰু দঙৰকুছি গাঁৱৰ প্ৰায় পাঁচ শতাধিক দুখীয়া পৰিয়ালৰ মাজত শাৰী, লুঙি, মাস্ক আৰু চাউল বিতৰণ কৰে ।
পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে খাদ্যসামগ্ৰী আৰু বস্ত্ৰ বিতৰণ - barpeta
বৰপেটাত দেওবাৰে ঈদ-উল-ফিটৰ উপলক্ষে সমাজকৰ্মী উত্তম কুমাৰ ঘোষে দুখীয়া লোকৰ মাজত বিতৰণ কৰে খাদ্যসামগ্ৰীৰ লগতে বস্ত্ৰ আৰু মাস্ক ৷ প্ৰায় পাঁচ শতাধিক দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে এই সামগ্ৰীসমূহ ।

বৰপেটাত ঈদ-উল-ফিটৰ উপলক্ষে সমাজকৰ্মীৰ খাদ্যসামগ্ৰী আৰু বস্ত্ৰ বিতৰণ
বৰপেটাত ঈদ-উল-ফিটৰ উপলক্ষে সমাজকৰ্মীৰ খাদ্যসামগ্ৰী আৰু বস্ত্ৰ বিতৰণ
উল্লেখ্য যে, জিলা কংগ্ৰেছৰ দুৰ্যোগ আৰু পুনৰ সংস্থাপন বিভাগৰো অধ্যক্ষৰ দায়িত্বত থকা সমাজকৰ্মীগৰাকীয়ে লকডাউনৰ সময়চোৱাত বৰপেটাৰ দুহেজাৰো অধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰায় ২০ হাজাৰ মাস্ক বিতৰণ কৰিছে ।