বৰপেটা, ৪ জুনঃসম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ অন্তত বুধবাৰে বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে পালন কৰিব পবিত্ৰ ঈদুল ফিটৰ । ইদুল ফিটৰ উপলক্ষে ইছলাম ধৰ্মালম্বী লোক সকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উচাহ । ইয়াৰ মাজতেই বৰপেটা জিলা বি পি এফ দলে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ।
বৰপেটাত ঈদ উপলক্ষে খাদ্য-বস্ত্ৰ বিতৰণ - ইছলাম ধৰ্মালম্বী লোক
বুধবাৰে বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে পালন কৰিব পবিত্ৰ ঈদুল ফিটৰ । ঈদ উপলক্ষে বৰপেটা জিলা বি পি এফ দলে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷

বৰপেটাত ঈদ উপলক্ষে খাদ্য-বস্ত্ৰ বিতৰণ
ঈদ উপলক্ষে বৰপেটাত দৰিদ্ৰ লোকৰ মাজত বিতৰণ খাদ্য সমগ্ৰী, বস্ত্ৰ
বৰপেটা জিলা বি পি এফৰ কোষাধক্ষ্য আব্দুল ৰৌফৰ নেতৃত্বত কলভাংঙা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী বি পি এফ কমিটিয়ে দৰিদ্ৰ লোক সকলৰ মাজত ঈদৰ আনন্দ বিলাবলৈ মঙলবাৰে বালাভিঠা অঞ্চলৰ পাঁচ শতাধিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মাজত বিতৰণ কৰে কাপোৰ আৰু খাদ্য সমগ্ৰী ।
উল্লেখ্য যে, বৰপেটা জিলা বি পি এফৰ কোষাধক্ষ্য আব্দুল ৰৌফে প্ৰতি বছৰে ঈদৰ আগ দিনা এনেকৈ দুখীয়া পৰিয়ালৰ মাজত কাপোৰ, খাদ্য সামগ্ৰী আদি বিতৰণ কৰি আহিছে ৷