অসম

assam

বৰপেটাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ 4,21,340 টকা

By

Published : Mar 16, 2021, 10:04 PM IST

ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলৰ তালাচীত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাটাও স্থানত মুঠ 4,21,340 টকা জব্দ কৰে । প্ৰাপ্ত তথ্য অনুসৰি খংৰা অঞ্চলত চলোৱা তালাচীত এখন মেজিকৰ পৰা 86,000 টকা জব্দ কৰে SST ৰ দলে ৷

বৰপেটাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ হয় মুঠ 4,21,340 টকা
বৰপেটাত ফ্লায়িং স্কোৱাডৰ তালাচীত জব্দ হয় মুঠ 4,21,340 টকা

বৰপেটা,১৬ মাৰ্চ: ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলৰ তালাচীত বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাটাও স্থানত মুঠ 4,21,340 টকা জব্দ কৰে । প্ৰাপ্ত তথ্য অনুসৰি খংৰা অঞ্চলত চলোৱা তালাচীত এখন মেজিকৰ পৰা 86,000 টকা জব্দ কৰে SST ৰ দলে ৷ ইয়াৰ পাচতে আন এখন যাত্ৰীবাহী গাড়ীত অহা যাত্ৰীৰ পৰা 1,45,250 টকা জব্দ কৰে দলটোৱে ।

তদুপৰি অন্য এক বাহনৰ পৰা 1,21,450 টকা উদ্ধাৰ কৰাৰ লগতে এগৰাকী যাত্ৰীৰ পৰা 64,634 টকা জব্দ কৰে SST ৰ দলে ৷ টকাখিনিৰ গৰাকীয়ে সঠিক তথ্য দিব নোৱাৰাত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা দণ্ডাধীশ নিতুল খাটনিয়াৰে টকাখিনি জব্দ কৰি বৰপেটাৰ কোষাগাৰত জমা কৰে বুলি জানিবলৈ দিয়ে আৰক্ষী সূত্ৰই ৷

লগতে পঢ়ক: পিতৃৰ কি আশা আছিল: সাংবাদিকৰ আগত ক'লে গৌৰৱ গগৈয়ে

ABOUT THE AUTHOR

...view details