বৰপেটা,২৪ জুন:বানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ চৌদিশে । কেউফালে মাথো পানী আৰু পানী । বহুজনে হেৰুৱাইছে আপোন ঘৰখন । নামনি অসমত যথেষ্ট বৃদ্ধি পাইছে বানৰ প্ৰকোপ । ইয়াৰ মাজতে বিপদৰ মাত্ৰা দুগুণে বৃদ্ধি কৰিছে ভূটানে এৰি দিয়া পানীয়ে । ভূটানে এৰি দিয়া পানীয়ে বিপদ মাতিছে নামনি অসমৰ কেইবাখনো জিলালৈ ।
ভূটানে এৰি দিয়া পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে বৰপেটা জিলাতো । ভূটানে এৰি দিয়া বাঢ়নী পানীৰ ফলত বৰপেটা জিলাৰ বিভিন্ন ৰাজহ গাঁও বানপানীয়ে বুৰাই পেলাইছে । জিলাখনৰ কেইবাটাও ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁও বানপানীৰ কবলত পৰিছে । ভূটানৰ পানীয়ে চেঙা ৰাজহ চক্ৰত প্ৰলয়ৰ সৃষ্টি কৰিছে । শুকুৰবাৰে মাজনিশা বাঢ়নী পানীৰ প্ৰবল সোঁতত চেঙা-গণকপাৰা সংযোগী পথত থকা এটা কালভাৰ্ট উটি যায় ।
কালভাৰ্টটো উটি যোৱাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । আনহাতে প্ৰতিদিনে বাঢ়ি থকা কালভাৰ্টটোৰ কাষতে থকা শিৱ মন্দিৰটোলৈও আহিছে ভাবুকি । কোন মুহূৰ্তত শিৱ মন্দিৰটো বানত উটি যায় তাৰ কোনো নিশ্চয়তা নাই । স্থানীয় ৰাইজে শিৱ মন্দিৰটো ৰক্ষা কৰিবলৈ ছিগি যোৱা পথছোৱাত গছ-গছনি পেলাই প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় ।