অসম

assam

ETV Bharat / state

বৰপেটাত আগতীয়া বানত বিধ্বস্ত খেতি পথাৰঃ মুৰে কপালে হাত দিছে কৃষকে

পল্লা আৰু নখান্দা নৈয়ে সৃষ্টি কৰা আগতীয়া বানে (Flood in Assam ) কৃষকৰ সকলো সপোন চাৰখাৰ কৰি পেলালে ৷ বহু কৃষকে মনৰ তাগিদাত বানত ডুব যোৱা ধান কিবাকৈ চপাইছে যদিও সিয়ো এতিয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷

By

Published : May 20, 2022, 4:32 PM IST

flood-situation-in-barpeta-district
বৰপেটাত আগতীয়া বানত বিধ্বস্ত খেতি পথাৰঃ মুৰে কপালে হাত দিছে কৃষকে

বৰপেটা, ২০ মেঃ ভৰবাৰিষাৰ পূৰ্বেই এইবাৰ আগতীয়াকৈ হোৱা বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলাৰ কৃষক (Farmers of Barpeta in loss) ৷ ইতিমধ্যে ধাৰাষাৰ বৰষুণৰ ফলত পল্লা আৰু নখান্দা নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বৰপেটাৰ কেঁওটপাৰা অঞ্চলৰ সমগ্ৰ খেতি পথাৰ এতিয়া বানত ডুব গৈছে (Flood in Barpeta) ৷

বৰপেটাত আগতীয়া বানত বিধ্বস্ত খেতি পথাৰঃ মুৰে কপালে হাত দিছে কৃষকে

ইতিমধ্যে বৰপেটাৰ কেঁওটপাৰা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা আহু ধানৰ খেতি পানীৰ তলত ডুব গৈছে ৷ হয়তো আৰু ১৫ দিনমান গ'লেই ধানখিনি চপাব পাৰিলেহেতেন কৃষকে ৷ পিছে পল্লা আৰু নখান্দা নৈয়ে সৃষ্টি কৰা আগতীয়া বানে কৃষকৰ সকলো সপোন চাৰখাৰ কৰি পেলালে ৷ বহু কৃষকে মনৰ তাগিদাত বানত ডুব যোৱা ধান কিবাকৈ চপাইছে যদিও সিয়ো এতিয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷

কিয়নো বৰষুণ দি থকাৰ ফলত ধানবোৰত এতিয়া গজালি ওলাবলৈ লৈছে ৷ যদিহে বৰষুণ নকমে তেন্তে চপোৱা ধানবোৰো গজালি মেলি নষ্ট হৈ যোৱাতো স্বাভাৱিক ৷ তাৰোপৰি পথাৰসমুহ বানত ডুব গৈ থকাৰ ফলত গৰু ছাগলীৰ খাদ্য সংকটেও দেখা দিছে ৷ ফলত কৃষকে কষ্টৰে চপোৱা ধানসমুহ বাটে পথে পেলাই থবলগীয়া হোৱাত এতিয়া গৰু ছাগলীৰ খাদ্যতহে পৰিণত হৈছে ৷

ইপিনে ধান খেতিৰ লগতে শাক পাচলি আৰু মচলাত ব্যৱহাৰ কৰা আজৱাইন, গুৱামুৰি আদিৰ খেতিও বানত ডুব গৈছে ৷ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল ৷ এইদৰে আগতীয়া বানৰ কবলত ক্ষতিগ্ৰস্ত কৃষকসকলে এতিয়া মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ

ABOUT THE AUTHOR

...view details