জনীয়া,21জুলাইঃ বেঁকী নৈৰ বাঢ়নী পানীত মাহটোৰ ভিতৰত চতুৰ্থবাৰৰ বাবে জলমগ্ন জনীয়া সমষ্টিৰ শতাধিক গাওঁ। নেৰা-নেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত জনীয়া সমষ্টিৰ আমগুৰি, চৰচৰিয়া, কামাৰপাৰা, বৰডাঙ্গা, লাচঙগা, গুইলেজা, মুৱামাৰী, শ্ৰীৰামপুৰ, মিনিচিমলা, গলীয়া, কলগাছিয়া, আমগুৰি, খাৰবাল্লী, বলাইপথাৰ, সুঁতিৰপাথাৰ, চনপুৰা, জনীয়া, বাংলিপাৰা, কাদং, গোবিন্দপূৰ, বালিকুৰি, আদিকে ধৰি শতাধিক গাওঁৰ প্ৰত্যেকৰে ঘৰত পানী সোমাৱাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
কলগাছিয়াত বেঁকী নৈৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ - বানত প্লাৱিত জনীয়া সমষ্টিৰ শতাধিক গাঁও
বেঁকী নৈৰ সংহাৰী ৰূপ। ফেনে -ফোটোকাৰে বাঢ়িছে বেঁকী নৈৰ পানী । বানত প্লাৱিত জনীয়া সমষ্টিৰ শতাধিক গাঁও । শ শ বিঘা কৃষিভূমি পানীৰ তলত। ৰাইজৰ মাজত হাহাকাৰ ৷
কলগাছিয়াত বেঁকী নৈৰ চতুৰ্থটো বানৰ সংহাৰী ৰূপ
ইপিনে চলিত মাহতে তিনিটাকৈ বানৰ কৱলত পৰা অঞ্চলটোত মঙলবাৰে পুনৰ চৰ্তুথতো বানৰ কৱলত পৰাত বানাক্ৰান্ত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ নগাঁৱৰ কোৱাৰেন্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি !