বৰপেটা, ২ ছেপ্তেম্বৰ: ৰাজ্যত এতিয়াও বানে এক প্ৰকাৰৰ সংহাৰী ৰূপ ধাৰণ কৰি আহিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বৰপেটা জিলাতো ভদীয়া বানে তাণ্ডৱ সৃষ্টি কৰিছে ৷ বৰপেটাৰ ভোগেৰপাৰা গাঁৱত বানে জন জীৱন ব্যাহত কৰিছে ৷ উন্মুক্ত মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই জলমগ্ন কৰি তুলিছে সমগ্ৰ গাঁওখন ৷
ইতিমধ্যে গাঁখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে ডুব গৈছে বানত ৷ আনকি গাঁওখনৰ নামঘৰটোও বানত ডুব যোৱাৰ ফলত বিগত ৫ দিন ধৰি নামঘৰত বন্তিগছিও জ্বলাব পৰা নাই গাঁওৱাসীয়ে ৷ সম্প্ৰতি বানত ঘৰ বাৰী জলমগ্ন হৈ পৰাৰ পিছত বহৰি-বাঘবৰ মথাউৰিত আশ্ৰয় লৈ আছে গাঁওৱাসীয়ে ৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও উল্লেখযোগ্য যে, প্ৰায় ১২ বছৰ পূৰ্ৱেই ভোগেৰপাৰ গাঁৱৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ ফলত গাঁওখনৰ ৫০ টা পৰিয়ালৰ ঘৰবাৰী নৈত নিশ্চিহ্ন হৈ পৰিছিল ৷ যাৰ ফল আজিও গাঁওৱাসীয়ে প্ৰতিবছৰে ভোগ কৰি আহিব লগীয়া হৈছে ৷ বাৰিষা হোৱাৰ লগে লগে মাথাউৰিটো ভাগি যোৱাৰ বাবে গাঁওৱাসীয়ে আজিও বানত ককবকাই থাকিব লাগে ৷
ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বাৰিষাৰ সময়ত বাঢ়নি পানীয়ে সৃষ্টি কৰা বানত জলা-ক’লা খাই আহিছে ভোগেৰপাৰ গাঁওৱাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা গাঁওখন ৰক্ষা কৰিবলৈ চৰকাৰে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ভোগেৰপাৰ গাঁওৱাসীৰ আক্ষেপ, ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বান এতিয়া বহুতৰ বাবে আনন্দ আৰু পৰ্যটনৰ স্থলহে ৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও লগতে পঢ়কঃ বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা
উল্লেখযোগ্য যে, শেহতীয়াকৈ বানৰ কৱলত পৰিছে এখনৰ পাছত আনখন জিলা । অসমৰ floods reporting and information management system চমুকৈ FRIMS ৰ তথ্য অনুসৰি, অসমৰ 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক বানৰ কৱলত পৰিছে ৷বানৰ কৱলত পৰা জিলা কেইখন হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ(গ্ৰাম্য), কামৰূপ(ম), লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা, তিনিচুকীয়া আদি ৷ এই 22 খন জিলাৰ মুঠ 57 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত আছে ৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও এতিয়ালৈকে 1295 খন ৰাজহ গাঁও ভদীয়া বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত শীৰ্ষ স্থানত মৰিগাঁও জিলা ৷ জিলাখনৰ মুঠ 251 খন গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গ'লে নলবাৰী জিলাৰ সৰ্বাধিক লোক ভদীয়া বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ মুঠ 110,731 গৰাকী লোক বানৰ কৱলত পৰিছে ৷ শেহতীয়াকৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ 5 গৰাকী ৷
তথ্য অনুসৰি, চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বৰ্তমানলৈ ৰাজ্যৰ অধিক প্ৰভাৱিত হোৱা বিশেষ 10 জিলাত মুঠ 85 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ বিভাগে স্থাপন কৰা আশ্ৰয় শিবিৰত মুঠ 3584 গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ 4,45,210 টা পশুধনৰ লগতে বন্যপ্ৰাণী ভদীয়া বানৰ কৱলত পৰিছে ৷
লগতে পঢ়কঃ মহিলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত অনমনীয়; পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ