জনীয়া,১৯জুলাই: ৰাজ্যৰ বিভিন্ন বনাক্ৰান্ত অঞ্চলত এতিয়াওঁ আবদ্ধ হৈ আছে বহু লোক । কণ-কণ ল'ৰা-ছোৱালী, বৃদ্ধ, মহিলাকে ধৰি পশুধন সমূহৰ এতিয়া বিলৈ বিপত্তি নোহোৱা হৈছে । বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া দেখা দিছে তীব্ৰ খাদ্য সংকটে ।
শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, দৰৱ আদিৰ অভাৱত এতিয়া বহতৰে স্বাস্থ্যৰো অৱনতি ঘটিছে । এনে এক শোচনীয় অৱস্থাৰ মাজতে এতিয়া দিন পাৰ কৰিছে বৰপেটাৰ কলগাছিয়া জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত আমগুৰি, সুঁতিৰ পাথাৰ, নদীয়াপাৰা, টাপেশ্বৰা, বালাগাওঁ, সূৰ্য্যখোৱা, দাবন্দিয়া আৰু বালাগাঁৱৰ বানাক্ৰান্ত সকলে ।
বান আক্ৰান্ত লোক সকলৰ খবৰ লোৱাৰ লগতে লগতে সামান্য সকাহ দিয়াৰ উদ্দেশ্যেৰে দেওবাৰে ৰূপসী ব্লক কংগ্ৰেছৰ এটা দলে কলগাছিয়া জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত আমগুৰি, সুঁতিৰপাথাৰ, নদীয়াপাৰা, টাপেশ্বৰা, বালাগাওঁ, সূৰ্য্যখোৱা, দাবন্দিয়া আৰু বালাগাঁৱ পৰিভ্ৰমণ কৰে। দলটোৱে বানাক্ৰান্ত ৰাইজৰ অসুবিধাৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানী টুপি পাব পৰাকৈ বিতৰণ কৰিলে টিউবেল ।
ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত বানাক্ৰান্ত সাহাৰ্য প্ৰদান ৰূপসী ব্লক কংগ্ৰেছৰ দ্বাৰা সাহাৰ্য বিতৰণৰ এই কাৰ্যসূচীত বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, কলগাছিয়া জিলা পৰিষদৰ সদস্যা হাচৰা খাতুন, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছুৰমান আলী, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, কলগাছিয়া গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যৰ লগতে ৰূপসী ব্লক কংগ্ৰেছৰ ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।
ৰাইজৰ এই দুৰ্যোগৰ সময়ত স্থানীয় বিধায়ক গৰাকীক ৰাইজৰ কাষত থাকি সহায়ৰ বাবেও আহ্বান জনালে ৰূপসী ব্লক কংগ্ৰেছৰ এই সকল নেতা কৰ্মীয়ে ।