জনীয়া, 7 জুলাই: কলগাছিয়াৰ সুঁতিৰপাথাৰ, আমগুৰি, খাৰবাল্লীত RIGHT TRACK সংস্থা আৰু কলগাছিয়া ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত ৮০০ পৰিয়াললৈ সাহায্য বিতৰণ কৰা হয় । সমগ্ৰ ৰাজ্যখনত বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত দুটাকৈ বেচৰকাৰী সংস্থাই ৰাইজৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছে(Kalgachia Flood Relief Distribution) ।
কলগাছিয়াত ৮০০ পৰিয়ালক বান সাহায্য বিতৰণ - ড৹ শ্বাসীউজ্জামান আহমেদ
সমগ্ৰ ৰাজ্যখনত বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত ৰাইজৰ কাষত থিয় দিছে দুটাকৈ বেচৰকাৰী সংস্থা ৷ RIGHT TRACK সংস্থা আৰু কলগাছিয়া ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিয়ে বন্যাৰ্তক বিলালে সাহায্য (Kalgachia Flood Relief Distribution) ৷
![কলগাছিয়াত ৮০০ পৰিয়ালক বান সাহায্য বিতৰণ Flood Relief Distribution at Kalgachia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15724488-701-15724488-1656838255866.jpg)
কলগাছিয়া ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত ৮০০ পৰিয়াললৈ বান সাহাৰ্য বিতৰণ
কলগাছিয়া ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত ৮০০ পৰিয়াললৈ বান সাহাৰ্য বিতৰণ
শিৱসাগৰৰ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ শ্বাসীউজ্জামান আহমেদৰ তৎপৰতাত কলিকতাৰ RIGHT TRACK সংস্থাৰ সম্পাদক আশ্ৰফ আলীৰ লগতে ফ্ৰান্সৰ LIFE নামৰ সহযোগী সংস্থাৰ জৰিয়তে আৰু কলগাছিয়া ছ'ছিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ নেতৃত্বত এটি সঁজাতি দলে কলগাছিয়াৰ সুঁতিৰপাথাৰ, আমগুৰি, খাৰবাল্লীৰ এলেকাৰ বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী আদি বিতৰণ কৰে । RIGHT TRACK আৰু কলগাছিয়া ছ'ছিয়েল ৱেলফেয়াৰ ছোছাইটিয়ে এই বানাক্ৰান্ত লোকৰ মাজত আহি সাহায্য বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে ৷