বৰপেটা, 16 জুলাইঃৰাজ্যত বানৰ সংহাৰে বিপদত পেলাইছে ভিন্ন প্ৰান্তৰ ৰাইজক ৷ এনে কঠিন পৰিস্থিতিত বৰপেটা জিলাৰ বহৰি পাৰঘাটত বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিজেপিৰ যুৱ নেতা তথা অভিজিৎ সাহা ৷ যুৱ নেতাগৰাকীয়ে অঞ্চলটোত শিবিৰ পাতি বসবাস কৰা বানপীড়িত লোকসকলক খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে স্বাস্থ্যজনিত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷
যুৱ নেতা অভিজিৎ সাহাৰ লগত অহা দলটোৱে বৃহস্পতিবাৰে প্ৰায় 100 টা পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে ৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি বিগত সপ্তাহত তেওঁলোকে প্ৰায় 500 টা পৰিয়ালৰ মাজত বিতৰণ কৰিছে সাহাৰ্য ৷ আনহাতে অহা সপ্তাহৰ প্ৰায় 1000 পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ পৰিকল্পনা আছে বুলি জানিবলৈ দিয়ে ৷