অসম

assam

ETV Bharat / state

এমাহৰ দৰমহাৰে বান সাহায্য বিধায়কৰ - গণককুছি

দেশ ৰক্ষাৰ মহান সেৱাত নিয়োজিত সেনা জোৱানসকল দেশৰ প্ৰতিটো দুৰ্যোগৰ মুহূৰ্তত দেশৰ জনসাধাৰণৰ কাষত ঠিয় হৈ সেৱা আগবঢ়াই আহিছে ৷ বানৰ দুৰ্যোগৰ সময়তে বৰপেটাৰ গণককুছি শিবিৰৰ ৰেড হৰ্ণ ডিভিজনৰ জোৱানসকলে প্ৰায় দুহেজাৰ বানপীড়িত লোকক চিকিৎসা আৰু বিনামূলীয়া ঔষধ আগবঢ়াই ৷

এমাহৰ দৰমহাৰে বান সাহায্য বিধায়কৰ

By

Published : Jul 21, 2019, 11:09 PM IST


নিউজ ডেস্ক, 21 জুলাইঃ সমগ্ৰ ৰাজ্য বানে জুৰুলা কৰাৰ পাচত বানপীড়িত ৰাইজৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰ, বিভিন্ন দল-সংগঠন, অসম তথা দেশৰ শিল্পী সমাজ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ দেওবাৰেও হাজোৰ বানাক্ৰান্ত ৰাইজলৈ খোৱাপানী, কাপোৰকো ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্চিং হোমে ৷ মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাই বান সাহায্য নামত প্ৰদান কৰিলে এমাহৰ দৰমহা ৷ তাৰোপৰি ভাস্কৰ শৰ্মা ফেনচ্ ক্লাৱৰ উদ্যোগত বন্যাৰ্তৰ সহায়ৰ বাবে বান সাহাৰ্য সংগ্ৰহ অভিযানো চলাই ক্লাবটোৰ সদস্যসকলে ৷

দেশ ৰক্ষাৰ মহান সেৱাত নিয়োজিত সেনা জোৱানসকল দেশৰ প্ৰতিটো দুৰ্যোগৰ মুহূৰ্তত দেশৰ জনসাধাৰণৰ কাষত ঠিয় হৈ সেৱা আগবঢ়াই আহিছে ৷ বানৰ দুৰ্যোগৰ সময়তে বৰপেটাৰ গণককুছি শিবিৰৰ ৰেড হৰ্ণ ডিভিজনৰ জোৱানসকলে প্ৰায় দুহেজাৰ বানপীড়িত লোকক চিকিৎসা আৰু বিনামূলীয়া ঔষধ আগবঢ়াই ৷ আনকি স্বাস্থ্য শিবিৰলৈ অহা শিশুসকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে সেনা জোৱানসকলে ৷

মৰিগাঁৱৰ লাহৰীঘাটতো বিগত দহ দিন ধৰি মথাউৰিৰ ওপৰত কোনো মতে এসাঁজ খাই এসাঁজ লঘোনে দিন পাৰ কৰা দূৰ্গত লোক সকলক ৰিমা দাস আৰু কাজিমুদ্দিন জিন্নাই খাদ্য সামগ্ৰী যোগান ধৰে ।

আনহাতে, জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদঙ হাইস্কুলত শিবিৰ পাতি থকা বন্যাৰ্তৰ দৰব,খাদ্য আৰু শৌচাগাৰৰ অভাৱ হোৱাৰ অভিযোগ নিখিল ভাৰত কৃষক সভাৰ । লগতে বিশেষভাৱে সক্ষম লোকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পাচতো বতৰ্মান পৰ্যন্ত সুবিধাৰ লাভ নকৰিলে ৷ যাৰ বাবে দেওবাৰে জনীয়া আঞ্চলিকৰ ৰাজহ চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে নিখিল ভাৰত কৃষক সভাই ৷

এমাহৰ দৰমহাৰে বান সাহায্য বিধায়কৰ

ABOUT THE AUTHOR

...view details