জনিয়া,28 জুন:সমগ্ৰ অসমতে বিভীষিকাৰ সৃষ্টি কৰিছে বানে । বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত বানৰ প্ৰকোপত ক্ষতিগ্ৰস্ত হোৱা শতাধিক পৰিয়ালে বৰ্তমান আশ্ৰয় গ্ৰহণ কৰা দেখা গৈছে । দেওবাৰে এই আশ্ৰয় শিবিৰত উপস্থিত হৈ জনিয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে বানাক্ৰান্তৰ মনৰ বুজ লয় ৷ বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ লগত আলোচনা কৰি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাইজক ।
বানাক্ৰান্তৰ কাষত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম - জনিয়া সমষ্টি
জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে দেওবাৰে বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বিধায়ক গৰাকীয়ে বানাক্ৰান্তই সন্মুখীন হোৱা সকলো অসুবিধা শীঘ্ৰে দুূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷
জনিয়াৰ বিধায়কৰ বান পৰিস্থিতি পৰিদৰ্শন