অসম

assam

ETV Bharat / state

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

বেঁকী নৈৰ বানে সৰ্বস্বান্ত কৰিলে কলগাছিয়াৰ হাজাৰ হাজাৰ পৰিয়ালক, নষ্ট কৰিলে শ শ বিঘা ধান খেতি, সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট,ক্ষতিপূৰণ নাপালে আত্মহত্যাৰ ভাবুকি দুৰ্ভগীয়া কৃষকৰ ৷

By

Published : Aug 2, 2019, 6:46 PM IST

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

জনীয়া, 02 আগষ্টঃ কলগাছিয়া আৰু ক্ষুদ্ৰকুছি কৃষি চক্ৰৰ অন্তৰ্গত একাংশ দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ শ শ বিঘা আহু ধানৰ খেতি বেঁকী নৈৰ বানে বিনষ্ট কৰাৰ লগতে কুইণ্টলে কুইণ্টলে ভড়ালৰ ধান পঁচি নষ্ট হোৱাত মূৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষিজীৱী বানাক্ৰান্ত ৰাইজে ৷ ইয়াৰোপৰি সাওঁৰাচৰা আৰু চিকনী গাঁৱত বানপানীয়ে একাংশ লোকৰ ভড়ালৰ ধান বানে উটুৱাই নিয়াত লোকসকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে ৷ আনহাতে মাজে সময়ে ৰ'দ ওলাইছে যদিও শুকান ঠাইৰ অভাৱত ধান শুকুৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱাৰ লগতে গেলা-পচা ধান সমূহ খোৱাতো বাদেই বজাৰত বিক্ৰীৰ বাবেও উপযোগী হৈ নথকাত চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া কৃষক সকল ।

বানে সৰ্বস্বান্ত কৰা কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকট

বানে সৰ্বস্বান্ত কৰা এই সকল কৃষকে অতি শীঘ্ৰে চৰকাৰৰ ওচৰত বানত নষ্ট হোৱা খেতিৰ উচিত ক্ষতিপূৰণ দাবী উত্থাপন কৰিছে ৷ অন্যথা ল'ৰা ছোৱালীৰ সৈতে অনাহাৰে থাকিব লগা হোৱা এই সকল কৃষকে আত্মহত্যাৰ বাহিৰে বেলেগ একো বিকল্প পথ নাথাকিব বুলি জানিবলৈ দিছে ৷ `

ABOUT THE AUTHOR

...view details