জনীয়া, ১ ছেপ্তেম্বৰ :সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াৰ কাউৰজাহীতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ৷ মঙলবাৰে নিশা অঞ্চলটোত বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ সমান্তৰালভাৱে ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত জলস্তৰ বৃদ্ধি পোৱাত ঘৰে ঘৰে বাঢ়নি পানী সোমাই প্লাৱিত কৰে শ পৰিয়ালৰ ঘৰ-দুৱাৰ ।
বেঁকী নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ গড়কাপ্তানি পথলৈয়ো আনিছে তীব্ৰ ভাবুকি । স্থানীয় লোকে ঘৰ দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ ভয়ত অৱশেষত নিশাই বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে ৷ উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, খাৰবাল্লীকে ধৰি কেইবাখনো গাঁৱত বেঁকী নদীৰ বাঢ়নি পানীয়ে বিগত কেইবাদিন ধৰি তাণ্ডৱ চলাই আহিছে ৷