অসম

assam

ETV Bharat / state

বানৰ কৱলত জনীয়া : প্লাৱিত বিস্তীৰ্ণ অঞ্চল - জনীয়া-হাউলি গড়কাপ্তানী সংযোগী পথ

জনীয়াত গড়কাপ্তানী সংযোগী পথত আৱদ্ধ বহু লোক ৷ ইতিমধ্যে যাতায়াত ব্যাহত হৈ পৰিছে অঞ্চলটোত ৷

Flood at Jania : many areas under water
জনীয়াত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

By

Published : Jul 12, 2020, 4:53 PM IST

জনীয়া, 12 জুলাইঃ বৰপেটা জিলাৰ জনীয়াত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ইতিমধ্যে জনীয়া-হাউলি গড়কাপ্তানী সংযোগী পথটো চিঙি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷

দীৰ্ঘদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ঠিক একেদৰে বৰপেটাৰ জনীয়াতো ইতিমধ্যে বানত জলমগ্ন হৈছে বিভিন্ন অঞ্চল ৷ ইফালে দেওবাৰে ব্যস্ততাপূৰ্ণ জনীয়া-হাউলি গড়কাপ্তানি পথটোৰ সালেকুৰা-জনীয়া বজাৰ জামে মছজিদৰ ওচৰত বানৰ কোবাল সোঁতত ছিঙি গৈছে । যাৰ ফলত সালেকুৰা, ডাউকমাৰী, জনীয়া, বাংলীপাৰা, ছাপৰা আদি বহুতো গাঁৱৰ লোক আৱদ্ধ হৈ পৰিছে ।

জনীয়াত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

বানৰ বিভীষিকাই সৰ্ব সাধাৰণ ৰাইজক জীয়াতু ভোগাইছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীকে ধৰি কোনো এজন জনপ্ৰতিনিধিয়ে খবৰ নোলোৱা বুলি অভিযোগ কৰে ৰাইজে । উল্লেখ্য যে, প্ৰতি বছৰে একে ঠাইতে পথটো খহি যোৱাৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷ কিন্তু উক্ত পথটোত ৰাইজে এটা কালভাৰ্ট দিবলৈ গড়কাপ্তানি বিভাগৰ লগতে স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ আহ্বান জনাইছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ তাৎক্ষনিকভাবে ৰাইজক যাতায়তৰ বাবে সু-ব্যবস্থা কৰি দিবলৈ গড়কাপ্তানী বিভাগৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ সভাপতি ছাবেদ আলীক ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক-ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details