অসম

assam

ETV Bharat / state

আধা পকা অৱস্থাতে কাটিলে ইৰি ধানঃবৰপেটাত কৃষক ৰাইজৰ হাহাকাৰ - জিলা প্ৰশাসন

একাংশ লোকে পথাৰৰ পৰা পানী ওলাই যোৱা পথসমূহ বন্ধ কৰি দি মাছপোহা পুখুৰী কৰাৰ ফলত প্ৰতিবছৰে অঞ্চলটোৰ কৃষকসকলৰ কৃষিভূমি নষ্ট হ'বলৈ ধৰিছে ৷ ইয়াৰ উপৰিও বৰপেটা-হাউলী পথৰ মাজৰ কদমগুৰিত থকা দলঙৰ দুয়োটা পাৰ বন্ধ কৰি দিয়াৰ ফলত পথাৰৰ পৰা পানী ওলাই যাব নোৱাৰাত ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল ৷

flood affected on Irri rice cultivation
আধা পকা অৱস্থাতে কাটিলে ইৰি ধানঃবৰপেটাত কৃষক ৰাইজৰ হাহাকাৰ

By

Published : May 28, 2020, 1:07 PM IST

বৰপেটা,28মে': এফালে লক ডাউন আনফালে বানৰ ত্ৰাস ৷ ক্ষতিগ্ৰস্ত হৈছে কৃষক ৰাইজ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ মৈৰামাৰা, ইটাৰভিঠা,কদমগুৰি গাঁৱৰ পথাৰত দেখিবলৈ পোৱা গ'ল এক কৰুণ দৃশ্য ৷ নেৰানেপেৰা বৰষুণৰ ফলত পথাৰত ডুব যোৱা ইৰি ধান আধা পকা অৱস্থাতে কাটিবলৈ বাধ্য হ'ল গাঁও কেইখনৰ প্ৰায় 5 শতাধিক কৃষক ৰাইজে ৷ ইপিনে কৃষক ৰাইজৰ অভিযোগ, একাংশ লোকে পথাৰৰ পৰা পানী ওলাই যোৱা পথসমূহ বন্ধ কৰি দি মাছপোহা পুখুৰী কৰাৰ ফলত প্ৰতিবছৰে অঞ্চলটোৰ কৃষকসকলৰ কৃষিভূমি নষ্ট হ'বলৈ ধৰিছে ৷ ইয়াৰ উপৰিও বৰপেটা-হাউলী পথৰ মাজৰ কদমগুৰিত থকা দলঙৰ দুয়োটা পাৰ বন্ধ কৰি দিয়াৰ ফলত পথাৰৰ পৰা পানী ওলাই যাব নোৱাৰাত ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল ৷ আনহাতে নানা দূৰ্যোগৰ মাজতো কপালৰ ঘাম মাটিত পেলাই ইৰি ধানৰ খেতি কৰা কৃষকসকলে অতি শীঘ্ৰে পথাৰৰ পৰা পানী ওলাই যাবলৈ বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক দাবী জনাইছে কৃষক ৰাইজে ৷

আধা পকা অৱস্থাতে কাটিলে ইৰি ধানঃবৰপেটাত কৃষক ৰাইজৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details