বৰপেটা,22 ছেপ্তেম্বৰঃ ৰাজ্যত পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ ঘটনা ৷ এইবাৰ হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত হৈছে সত্ৰনগৰী বৰপেটাৰ হাউলী চহৰত ৷ জানিব পৰা মতে, হাউলীৰ এগৰাকী ব্যৱসায়ীৰ গোপন ভিডিঅ' সংগ্ৰহ কৰি সুব্ৰত বসাক, মহিবুল ইছলাম , প্ৰসেনজিৎ দাস, ভাস্কৰ দাস আৰু নিতাই শীল নামৰ 6 জনকৈ যুৱক নামি পৰিছিল ব্লেক মেইলিঙত ৷ যুৱকৰ দলটোৱে ভিডিঅ’টোৰ বিনিময়ত ব্যৱসায়ীগৰাকীক 5 লাখ টকাৰ দাবী কৰে ৷ কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে হাউলী থানাত দাখিল কৰে এখন এজাহাৰ ৷
হানি ট্ৰেপিঙৰে জড়িত 5জনকৈ যুৱকক হাউলীত গ্ৰেপ্তাৰ - হানি ট্ৰেপিঙ
হাউলীৰ এগৰাকী ব্যৱসায়ীৰ গোপন ভিডিঅ' সংগ্ৰহ কৰি সুব্ৰত বসাক, মহিবুল ইছলাম , প্ৰসেনজিৎ দাস, ভাস্কৰ দাস আৰু নিতাই শীল নামৰ 6 জনকৈ যুৱক নামি পৰিছিল ব্লেক মেইলিঙত ৷ যুৱকৰ দলটোৱে ব্যৱসায়ীগৰাকীক 5 লাখ টকাৰ দাবী কৰে ৷
হানি ট্ৰেপিঙৰে জড়িত 5জনকৈ যুৱকক হাউলীত গ্ৰেপ্তাৰ
ইয়াৰ পিছতেই হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস আৰু উপ-পৰিদৰ্শক ৰিপজ্যোতি দলেৰ নেতৃত্বত চলা অভিযানত সোমবাৰে নিশা দাবী কৰা ধন নিবলৈ আহোঁতেই আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে ঘটনাৰ মূল অভিযুক্ত মহিবুল ইছলাম বৰ্তমানেও পলাতক হৈ আছে ৷ আনহাতে ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০