অসম

assam

ETV Bharat / state

কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট: গুৰুতৰভাৱে আহত 5 জন

কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট । বেদখলকাৰীয়ে আগুৰি ধৰি মাৰপিট কৰাৰ অভিযোগ ৷ ঘটনাত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত (Land dispute clashes at Kalgachia)।

Land dispute at Kalgachia
কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট: গুৰুতৰভাৱে আহত 5 জন

By

Published : Jun 13, 2022, 9:23 PM IST

জনীয়া, 13 জুন: কলগাছিয়াৰ 1 নং ৰছুলপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট । আৰক্ষী থানালৈ গৈ থকাৰ অৱস্থাতে বেদখলকাৰীয়ে আগুৰি ধৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত ।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে মাটি বেদখলকাৰীয়ে দাৰে ঘপিয়াই আহত কৰিছিল ৰাছিদুল ইছলাম নামৰ এজন ব্যক্তিক । আক্ৰমণকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে ভুক্তভোগীয়ে বালিকুৰী আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ (Land dispute in Kalgachia)। ইয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ফলত বালিকুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াক নিলম্বনৰ দাবী জনায় গোচৰীয়াই ।

অভিযোগ অনুসৰি, 1 নং ৰছুলপুৰ গাঁৱৰ ৰাছিদুল ইছলাম নামৰ লোকজনৰ ৬ বিঘা মাটিত দানেছ, ফজল, মজিদ, আয়ুবৰ লগতে কেইজনমান মাতব্বৰে বেদখল কৰি ঘৰ সাজে (Land encroachment in Kalgachia)। সেই হিচাবে যোৱা ৯ জুনত উক্ত বিষয়টোক লৈ ৰাইজমেলৰ প্ৰস্তুতি চলি থকাৰ সময়তে দানেছ নামৰ বেদখলকাৰীয়ে ৰাছিদুলক দাৰে ঘপিয়াই আহত কৰাৰ অভিযোগ কৰে । উক্ত দিনাই ৰাছিদুলে বালিকুৰী আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ।

কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট: গুৰুতৰভাৱে আহত 5 জন

উক্ত বিষয় সন্দৰ্ভত বালিকুৰি চকীলৈ অভিযুক্ত আৰু অভিযোগকাৰীক মাতি পঠিওৱা হয় যদিও অভিযুক্ত বেদখলকাৰী আৰক্ষী চকীত উপস্থিত হোৱাৰ পৰা বিৰত থাকে । ইফালে সোমবাৰে এজাহাৰকাৰী আৰু তেওঁৰ পৰিয়ালৰ লোক কলগাছিয়া আৰক্ষী থানালৈ গৈ থকাৰ অৱস্থাত জাফৰ, ফজল, মজিদ, আয়ুবৰ লগতে আন কেইবাজনো লোকে ১ নং ৰছুলপুৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আগুৰি ধৰি যাঠি-জোং, দা, লাঠিৰে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।

এই আক্ৰমণত ৰাশিদুল ইছলাম, জহুৰুল, দেলোৱাৰ, জাহান উদ্দিন, ৰেহেলা, জেলেখা, ফজিৰণ, মফিদা গুৰুতভাৱে আহত হয় । উল্লেখ্য যে, বালিকুৰি আৰক্ষী থানাত(Balikuri Police Station) যোৱা বৃহস্পতিবাৰে এজাহাৰ দাখিল কৰাৰ পাছতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ চন্দ্ৰ শৰ্মাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে ৷ ফলত আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ দাবী উত্থাপন কৰে ভুক্তভোগী ৰাছিদুলে ।

লগতে পঢ়ক:পি এফ আই আৰু চি এফ আইয়ে জেহাদ বিয়পোৱাৰ কাম কৰে: বজৰংগ দল

ABOUT THE AUTHOR

...view details