অসম

assam

আৰ্থিক সহায় বিচাৰি বৰপেটাত প্ৰতিবাদ মৎস্য ব্যৱসায়ীৰ

By

Published : May 29, 2020, 3:50 PM IST

শুকুৰবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি চ’ক-বজাৰত মৎস্যজীৱি আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ প্ৰতিবাদ সাব্যস্ত ৷ লক ডাউনৰ ফলত আৰ্থিক সংকটত ভোগা বাবে চৰকাৰৰ পৰা সহায় বিচাৰি প্ৰতিবাদ সাব্যস্ত ব্যৱসায়ীসকলৰ ৷ ইয়াৰোপৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী বিচাৰি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৎস্যজীৱি আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷

আৰ্থিক সহায় বিচাৰি বৰপেটাত প্ৰতিবাদ মৎস্য ব্যৱসায়ীৰ
আৰ্থিক সহায় বিচাৰি বৰপেটাত প্ৰতিবাদ মৎস্য ব্যৱসায়ীৰ

বৰপেটা 29 মে’: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি চ’ক-বজাৰত শুকুৰবাৰে মৎস্যজীৱি আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । সৰুক্ষেত্ৰী মৌজা কমিটী মৎস্যজীৱি আৰু ক্ষুদ্ৰ ব্যৱসায়ী কমিটীৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । জাল-জুলুকি, পল আদি লৈ চৰকাৰৰ বিৰুদ্ধে ব্যতিক্ৰমীৰূপত প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ীসকলে ৷

আৰ্থিক সহায় বিচাৰি বৰপেটাত প্ৰতিবাদ মৎস্য ব্যৱসায়ীৰ

উল্লেখ্য যে, লক ডাউনৰ বাবে আৰ্থিক সংকটত ভুগিছে মৎস্যজীৱি তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল । সেয়েহে এই ব্যৱসায়ীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত নমা পৰিলক্ষিত হয় । ইয়াৰ লগতে মৎস্যজীৱিসকলক মাহে 7500 টকাকৈ তিনিমাহৰ বাবে যোগান ধৰা, মৎস্যজীৱিৰ পৰিয়ালক নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা আৰু এম জি এনৰেগা আঁচনিৰ জৰিয়তে মৎস্যজীৱিসকলক কাম দিয়াৰ ব্যৱস্থা কৰা আদি ভিন্ন দাবীৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৎস্যজীৱি তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷

লগতে পঢ়ক: সোণাৰিৰ বৰাহী চাহ বাগানত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details