অসম

assam

ETV Bharat / state

সৰ্থেবাৰীৰ বৰকণা বিলত মৎস্য উৎপাদন সন্দৰ্ভত সজাগতা সভা - স্বনিৰ্ভৰশীল

শনিবাৰে মৎস্য উৎপাদন কৰি দেশৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে সৰ্থেবাৰীৰ বৰকণা বিলত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা ৷ সজাগতা সভাত মীনপালক সকলক প্ৰশিক্ষণ দিয়াৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে বিলত "সজাত" মীন পালন সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

Fish Production programme
সৰ্থেবাৰীৰ বৰকণা বিলত মৎস্য উৎপাদন সন্দৰ্ভত সজাগতা সভা

By

Published : Mar 21, 2021, 6:53 AM IST

বৰপেটা,21মাৰ্চ: মৎস্য উৎপাদন বৰ্তমান সময়ৰ এক উল্লেখযোগ্য উপাৰ্জনৰ পথ ৷ নিবনুৱাৰ বাবে স্বনিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন হৈছে মৎস্য উৎপাদন ৷ যিটো সময়ত লাখ লাখ নিবনুৱা চাকৰিৰ পাছত দৌৰি আছে তথা বহিঃৰাজ্যত কাম কৰিবলৈ ঢাপলি মেলিছে তেনে সময়তে ৰাজ্যৰ একাংশ শিক্ষিত যুৱকে মৎস্য উৎপাদনেৰে উপাৰ্জনৰ পথ মুকলি কৰিছে ৷

সৰ্থেবাৰীৰ বৰকণা বিলত মৎস্য উৎপাদন সন্দৰ্ভত সজাগতা সভা

শনিবাৰে মৎস্য উৎপাদন কৰি দেশৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে সৰ্থেবাৰীৰ বৰকণা বিলত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গবেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় এখন বিশেষ সজাগতা সভা ৷ সজাগতা সভাত মীনপালক সকলক প্ৰশিক্ষণ দিয়াৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে বিলত "সজাত" মীন পালন সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ তদুপৰি থলুৱা মাছৰ উৎপাদনৰ জৰিয়তে কেনেদৰে বিলপৰীয়া আৰু নিবনুৱা সকলে স্বাৱলম্বী আৰু লাভান্বিত হ'ব পাৰি এই বিষয়ে কেন্দ্ৰীয় আন্তৰ্দেশীয় মীনক্ষেত্ৰ গবেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডo বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়কঃ2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?

ABOUT THE AUTHOR

...view details