অসম

assam

ETV Bharat / state

বৰপেটাত বানত মৎস্য পালকৰ ব্যাপক ক্ষতি - ১৯ হাজাৰ মেট্ৰিক টন মাছ

বৰপেটাত বানত মৎস্য পালকৰ ব্যাপক ক্ষতি(Fish farmers badly affected by last flood) ৷ বৰপেটা জিলা মীন বিভাগৰ তথ্য মতে জিলাখনত এইবাৰৰ বানত মীন পালকসকল প্ৰায় ৯ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে ৷

fish-farmers-badly-affected-by-last-flood
বৰপেটাত বানত মৎস্য পালকৰ ব্যাপক ক্ষতি

By

Published : Jul 11, 2022, 10:43 PM IST

বৰপেটা ১১ জুলাই :ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022)৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু লোক ৷ সমান্তৰালকৈ বৰপেটাতো নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত মৎস্য পালকসকলে ভীষণ ক্ষতিৰ সন্মুখীন হৈছে(Fish farmers badly affected by last flood) ৷

বৰপেটাত বানত মৎস্য পালকৰ ব্যাপক ক্ষতি

মীন বিভাগে জনোৱা মতে, বৰপেটা জিলাত প্ৰায় ১৮,৬২৯ টা পুখুৰী বানত ক্ষতিগ্ৰস্ত হৈছে ৷ মীন বিভাগৰ তথ্য অনুসৰি জিলাখনত পৰ্যাপ্ত পৰিমাণে মাছ উৎপাদন হয় ৷

জিলাখনত বছৰি ১৯ হাজাৰ মেট্ৰিক টন মাছৰ চাহিদাৰ বিপৰীতে বৰপেটাত ২৬ হাজাৰ মেট্ৰিক টন মাছ উৎপাদন হয় ৷ কিন্তু বানে প্ৰায়বোৰ পুখুৰী জলমগ্ন কৰি তোলাৰ ফলত পুখুৰীৰ পোহা মাছ প্ৰায়বোৰ ওলাই যোৱাৰ লগতে পুখুৰীত পলস পৰাৰ ফলত পুখুৰীবোৰৰ যথেষ্ট ক্ষতিসাধন হৈছে ৷ বৰ্তমান বৰপেটা জিলাত হোৱা মীন পালকৰ এই ক্ষতি চৰকাৰে কিদৰে পূৰণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব মীন পালকৰ ভৱিষ্যত ৷

লগতে পঢ়ক :National Fish Farmers Day : বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান

ABOUT THE AUTHOR

...view details