বৰপেটা,১৫ এপ্ৰিল: আজি পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰত ভীৰ কৰিছে সত্ৰবাসী ভক্তিপ্ৰাণ ৰাইজে ৷ সত্ৰনগৰী বৰপেটাৰ প্ৰতিজন লোকে পুৱা স্নান কৰাৰ পিচতে বৰপেটা সত্ৰত উপস্থিত হৈ গুৰু দুজনাৰ চৰণত সেৱা জনোৱাৰ লগতে ভাগ লয় বৰ্ষফল গণনা অনুষ্ঠানত ৷ বৰপেটাবাসীয়ে অতীজৰে পৰা ৰীতি-নীতি পৰম্পৰাৰে পালন কৰি আহিছে পহিলা ব’হাগৰ দোমাহী ৷
পহিলা ব’হাগৰ দিনা ৰাতি সাত শাকৰ আঞ্জা খোৱাতো এৰাব নোৱাৰা এক পৰম্পৰা ৷ ইপিনে সাত শাকৰ লগতে পহিলা ব’হাগৰ দিনটোত বৰপেটা সত্ৰবাসীৰ বাবে ঝালৰ আঞ্জা খোৱাৰো পৰম্পৰা চলি আহিছে ৷ বিবিধ ঔষধি গছৰ মিশ্ৰণেৰে ঝালৰ আঞ্জা বনাই খোৱাতোও বৰপেটাবাসীৰ বাবে এৰাব নোৱাৰা এক পৰম্পৰা ৷