অসম

assam

By

Published : Oct 10, 2021, 10:36 PM IST

ETV Bharat / state

বনঘুগিত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ অগ্নি নিৰ্বাপক যন্ত্ৰ

জনীয়া সমষ্টিৰ ৫৬ নং বনগুগী গাঁও পঞ্চায়ত সভাপতিৰ ব্যতিক্ৰমী পদক্ষেপ । চতুৰ্থদশ বিত্তীয় আঁচনিৰ ধনেৰে নিৰ্মান কৰিলে অগ্নি নিৰ্বাপন কৰা মেচিন ।

বনঘুগিত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰিলে অগ্নি নিৰ্বাপন কৰা মেচিন
বনঘুগিত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰিলে অগ্নি নিৰ্বাপন কৰা মেচিন

জনীয়া,10 অক্টোবৰ :বৰপেটা জিলাৰ ৰূপশি উন্নয়ন খণ্ডৰ অধীনস্থ ৫৬ নং বনগুগী গাঁও পঞ্চায়ত সভাপতি দেৱান আব্দুল কৰিমৰ এক ব্যতিক্ৰমী পদক্ষেপ । চতুৰ্থদশ বিত্তীয় আঁচনিৰ ধনেৰে বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰিলে অগ্নিনিৰ্বাপন কৰা মেচিন । দেওবাৰে উক্ত অগ্নি নিৰ্বাপন কেন্দ্ৰটো মুকলি কৰিলে ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আলী আকবৰে।

বনঘুগিত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰিলে অগ্নি নিৰ্বাপন কৰা মেচিন

ইফালে কেন্দ্ৰটো মুকলি কৰাৰ পিছতে পঞ্চায়তৰ সভাপতি গৰাকীয়ে কয় যে, কলগাছিয়াৰ পৰা বনগুগী প্ৰায় বিশ কিলোমিটাৰ । কেতিয়াবা যদি বনগুগী বজাৰত জুই লাগে তেন্তে কলগাছিয়াৰ পৰা অগ্নিনিৰ্বাপন কৰা গাড়ী আহি পোৱাৰ আগতেই জুইত ভস্মীভূত হৈ যাব ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়ত উন্নয়ন পুঁজিৰে এই পদক্ষেপ হাতত লোৱা হৈছে ।

আনহাতে ৰূপশি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াই পঞ্চায়তৰ সভাপতি গৰাকীয়ে লোৱা প্ৰশংসনীয় পদক্ষেপৰ বাবে ধন্যবাদ জনাই কয় যে, বনগুগী পঞ্চায়তৰ সভাপতিৰ দৰে বাকী সকলো পঞ্চায়তৰ সভাপতি সকলেও যাতে এনেকুৱা পদক্ষেপ হাতত লয় ।

লগতে পঢ়কঃ কয়লাৰ নাটনিকলৈ বিদ্যুতৰ সংকট : অসমতো পৰিব প্ৰভাৱ

ABOUT THE AUTHOR

...view details