অসম

assam

ETV Bharat / state

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড, আহত শিশুসহ 12 জন - বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড

সোমবাৰে বৰপেটাৰ দীপ পাঠক আতচবাজী উদ্যোগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ আতচবাজী প্ৰস্তুত কৰি থকা সময়তেই সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত দুই কিশোৰ মহিলা সহ 12 জন শ্ৰমিক আঘাত প্ৰাপ্ত ৷

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড

By

Published : Oct 21, 2019, 9:17 PM IST

বৰপেটা, 21 অক্টোবৰঃসোমবাৰে বৰপেটাৰ আতচবাজী উদ্যোগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ আতচবাজী প্ৰস্তুত কৰি থকা সময়তেই দীপ পাঠকৰ আতচবাজী উদ্যোগত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত দুই কিশোৰ মহিলা সহ 12 জন শ্ৰমিক আঘাত প্ৰাপ্ত ৷ ইয়াৰে এটি কিশোৰ সহ ছয়গৰাকী মহিলা গুৰুতৰভাৱে আহত ৷

বৰপেটাৰ আতচবাজী উদ্যোগত অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি, সমাগত দীপাৱলীক উপলক্ষে দীপ পাঠকৰ ঘৰৰ পাচফালে ক্ষীপ্ৰ গতিত চলিছিল আতচবাজী প্ৰস্তুতৰ কাম ৷ আতবাজী প্ৰস্তুতৰ বাবে উৰালত কেচামাল খুন্দি থকা অৱস্থাতেই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে ৷ ইপিনে, ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ সম্প্ৰতি আহত আটাইকেইগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে এটি কিশোৰ অৱস্থা গুৰুতৰ বুলি জানিবলৈ দিয়ে হাস্পাতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

ABOUT THE AUTHOR

...view details