বৰপেটা, 8 ছেপ্টেম্বৰ: বৰপেটাৰ বহৰি হাট-বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breakout in Barpeta)৷ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰি হাট-বজাৰত বুধবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (Fire incident at Bahari)। অগ্নিকাণ্ডটোত চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় (4 Shop burnt in fire incident) ।
এই অগ্নিকাণ্ডত চেলিম মহম্মদৰ বস্তাৰ দোকান, খবিৰ মোল্লা আৰু ৰফিক মোল্লাৰ ফাৰ্নিচাৰৰ দোকান আৰু নুৰ মহম্মদ নামৰ লোকজনৰ হোমিঅ' ফাৰ্মাচীখন সম্পূৰ্ণৰূপে জাহ যায় ৷ চেলিম মহম্মদ নামৰ লোকগৰাকীৰ বস্তাৰ দোকানত কামাল মিঞাৰ এক লাখ টকাৰ মচলাজাতীয় সামগ্ৰী মজুত ৰাখিছিল আৰু সেইখিনি সামগ্ৰীও জুইত জাহ গৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।