অসম

assam

By

Published : Aug 19, 2019, 8:06 PM IST

ETV Bharat / state

ঢাল-তৰোৱাল বিহীন অগ্নি নিৰ্বাপক বাহিনীঃ উত্তপ্ত কলগাছিয়াৰ বালিকুৰী

জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন ৷ দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ ৷ ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

কলগাছিয়া, 19 আগষ্ট : কলগাছিয়াৰ বালিকুৰী এন চিত ভয়াৱহ অগ্নিকাণ্ড ৷ জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ লগতে, বিনষ্ট হয় 30 লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হল আৰফান বেগ, নালু বেগ আৰু কৰিম বেগৰ 4 টাকৈ গৃহ ৷ যাৱতীয় নথিপত্ৰ, 40 মোন মৰাপাট আৰু ধান-চাউলও নষ্ট হয় অগ্নিকাণ্ডৰ ফলত । অৱশেষত ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ ইফালে, ৰাইজে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে যদিও ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । এই ঘটনাক লৈ তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী 1 ঘণ্টা সময় আবদ্ধ কৰি ৰাখে । কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

...view details