অসম

assam

ETV Bharat / state

বৰপেটাৰ হাউলীত অগ্নিকাণ্ড, কেইবালাখ টকাৰ সম্পত্তি ভস্মীভূত - হাউলীত অগ্নিকা

ৰপেটাৰ হাউলীত অগ্নিকাণ্ড ৷ হাউলী চাৰিআলিৰ পেট্ৰ'ল পাম্পৰ ওচৰত থাক বৰফৰ মিলত সংঘটিত হয় অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ৷

fire
বৰপেটাৰ হাউলীত অগ্নিকাণ্ড, কেইবালাখ টকাৰ সম্পত্তী ভস্মীভূত

By

Published : Mar 29, 2020, 11:20 PM IST

বৰপেটা, ২৯ মাৰ্চঃ বৰপেটাৰ হাউলীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । হাউলী চাৰিআলিৰ পেট্ৰ'ল পাম্পৰ ওচৰত থকা আবুল কালাম নামৰ ব্যক্তিজনৰ এটি বৰফৰ মিলত শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত দুটাকৈ ফ্ৰীজ, কেইবাটাও মেচিন সহ প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । মিলটোত থকা এটি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুয়ে নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰে । পিছত হাউলী আৰু বৰপেটা ৰোডৰ পৰা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি তাৎক্ষণিক ভাবে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

বৰপেটাৰ হাউলীত অগ্নিকাণ্ড, কেইবালাখ টকাৰ সম্পত্তী ভস্মীভূত

উল্লেখযোগ্য যে, বৰফ মিলটোৰ সমীপতে এটি তেল ডিপো আছে যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা বাবেই সোভাগ্যক্ৰমে ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰে হাউলী চহৰ ।

আৰু পঢ়কঃ বহিঃৰাজ্যত আবদ্ধ সকললৈ হেল্প লাইন নম্বৰ মুকলি যুৱ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details