জনীয়া, ২৮ এপ্ৰিল:বৰপেটা জিলাৰমন্দিয়া আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰকনৰাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত হুমায়ুন আলী আহমেদ নামৰ এজন ব্যক্তিৰ আবাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ।
কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । আহত মহিলা গৰাকীক মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ।