অসম

assam

বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায়

By

Published : Aug 8, 2020, 8:06 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পতালত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায় ৷ অবাধে তেজ বিক্ৰীৰ ফলত বৰপেটাত এজন ব্যক্তিৰ মৃত্যু ৷ অৱশেষত ভুক্তভোগী পৰিয়ালসমূহে থানাত দাখিল কৰিলে এজাহাৰ ৷

FIR against illegal blood racket at Barpeta
বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায়

বৰপেটা,8 আগষ্টঃবৰপেটাত চলিছে তেজৰ ব্যৱসায় ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ সহযোগত একাংশই তেজৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ ৷ শেহতীয়াকৈ এই সন্দৰ্ভত চিন্ময় দাস নামৰ এজন যুৱকৰ নাম পোহৰলৈ আহিছে ৷

বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায়
উল্লেখ্য যে, বাৰে বাৰে তেজ দিয়াৰ ফলত বৰপেটাত ইতিমধ্যে এজন ব্যক্তিৰ মৃত্যু হৈছে ৷ বহু পৰিয়ালৰ পৰা বিভিন্ন ব্যক্তিক বুদ্ধি কৰি নি চিন্ময় দাসে তেজ দিবলৈ বাধ্য কৰিছিল বুলি অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে ৷ ইতিমধ্য়ে ভুক্তভোগী পৰিয়াল সমূহে এই সন্দৰ্ভত থানাত এজাহাৰো দাখিল কৰিছে ৷লগতে পঢ়কঃএয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

ABOUT THE AUTHOR

...view details