জনীয়া, 2 ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়া থানাত কৰ্মৰত এজন হোমগাৰ্ড আৰু গাড়ী চালকৰ মাজত মঙলবাৰে হতাহতি ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ অনুসৰি মৰাপাট কঢ়িওৱা AS-15-AC-3754 নম্বৰৰ এখন চাৰিচকীয়া বাহন কলগাছিয়া চাৰিআলি চ'কৰ ন'পাৰ্কিংত ৰখোৱাত কলগাছিয়া আৰক্ষী থানাত কৰ্মৰত হোমগাৰ্ড শুকুৰ মামুদে গাড়ী খন আঁতৰাই নিবলৈ কোৱাত দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয় ৷ গাড়ী চালক জনৰ অভিযোগ অনুসৰি হোমগাৰ্ড শুকুৰ মামুদে বাহনখনত বেতেৰে কোবও মাৰিছিল ৷
কলগাছিয়া আৰক্ষী আৰু গাড়ী চালকৰ মাজত হতাহতি - কলগাছিয়া আৰক্ষী আৰু গাড়ী চালকৰ মাজত হতাহতি
কলগাছিয়া থানাত কৰ্মৰত এজন হোমগাৰ্ড আৰু গাড়ী চালকৰ মাজত মঙলবাৰে হতাহতি ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ অনুসৰি মৰাপাট কঢ়িওৱা AS-15-AC-3754 নম্বৰৰ এখন চাৰিচকীয়া বাহন কলগাছিয়া চাৰিআলি চ'কৰ ন'পাৰ্কিংত ৰখোৱাকলৈ দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয় ৷
![কলগাছিয়া আৰক্ষী আৰু গাড়ী চালকৰ মাজত হতাহতি Fight Between Homeguard & Driver](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10477981-1002-10477981-1612284013179.jpg)
কলগাছিয়া আৰক্ষী আৰু গাড়ী চালকৰ মাজত হতাহতি
স্থানীয় লোকে সদৰি কৰা মতে গাড়ীখনত কোব মৰাৰ ফলত হোমগাৰ্ডৰ ওপৰত কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ নিবাসী গাড়ী চালক জয়নাল আবদিনে হোমগাৰ্ড জনক শাৰীৰিকভাৱে আক্ৰমণ কৰে । ইতিমধ্যে জয়নাল আবদিনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে এই বিষয়ত এক গোচৰ ৰুজু কৰিছে । সম্প্ৰতি চালক জয়নাল আবদিন পলাতক বুলি জানিবলৈ দিছে কলগাছিয়া আৰক্ষীয়ে ।