বৰপটা, ৪ এপ্ৰিলঃ বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ পৰীক্ষাগাৰত পৰীক্ষা কৰা ৫২ গৰাকীৰ শৰীৰত ধৰা পৰা নাই কৰ'ণাৰ অৱস্থিতি । বৰপেটা, বঙাইগাও আৰু ধুবুৰীৰ ৫২ জন সন্দেহজনক লোক কভিড-19ত আক্ৰান্ত হোৱাৰ সন্দেহত, তেওঁলোকক বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ পৰীক্ষাৰ বাবে অনা হৈছিল । এওঁলোকৰ ভিতৰত বৰপেটাৰ ১৯ জন, বঙাইগাঁৱৰ ১৮ জন আৰু ধুবুৰীৰ ১৫ জন লোক আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, শুকুৰবাৰে বঙাইগাঁৱৰ পৰা বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ কভিড-19ত আক্ৰান্ত হোৱাৰ সন্দেহত পুনৰ নতুনকৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পাঁচ জন লোকৰ তেজৰ নমুনা । একেদৰে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰাও দুজন লোকৰ তেজৰ নমুনা পঠিওৱা হৈছে চিকিৎসালয়খনলৈ ।
বৰপেটাত পৰীক্ষা কৰা 52 গৰাকী লোকৰ দেহত নাই কভিড-19ৰ অৱস্থিতি - 52 গৰাকী লোকৰ দেহত নাই কভিড-19
বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ পৰীক্ষাগাৰত বৰপেটাৰ ১৯ জন, বঙাইগাঁৱৰ ১৮ জন আৰু ধুবুৰীৰ ১৫ জন লোকৰ কভিড-19 পৰীক্ষা কৰোৱা হয় যদিও, এগৰাকীও লোকৰ দেহত বৰ্তমানলৈ পোৱা নাই এই মহামাৰীৰ অৱস্থিতি ।
52 গৰাকী লোকৰ দেহত নাই কভিড-19ৰ অৱস্থিতি