অসম

assam

ETV Bharat / state

International Indian Icon: ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান আইকনৰ জুনিয়ৰ শাখাত উজলিল সৰভোগৰ ৰিবা - ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত খিতাপ দখল সৰভোগৰ ৰিবাৰ

“ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান আইকন”ৰ জুনিয়ৰ চেম্পিয়নৰ খিতাপ লাভ সৰভোগৰ ৰিবা আমিনৰ (Fifth Junior International Indian Icon goes to Riba Amin) ৷ ৰিবাৰ সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰিবা পিতৃ-মাতৃ তথা আত্মীয় ৷

Barpeta Latest News
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত খিতাপ দখল সৰভোগৰ ৰিবাৰ

By

Published : Nov 26, 2021, 6:23 PM IST

জনীয়া, 26 নৱেম্বৰ :বৰপেটাবাসীৰ বাবে এক সু-খবৰ (Barpeta Latest News) ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ সৰভোগৰ গেল্লেপাৰা গাঁৱৰ জীয়ৰী ৰিবা আমিনে ৷ নতুন দিল্লীত অলপতে অনুষ্ঠিত হোৱা ‘ইন্টাৰনেচনেল ইণ্ডিয়ান আইকন’ৰ জুনিয়ৰ শাখাত অংশগ্ৰহণ কৰি ডেৰ শতাধিক প্ৰতিযোগীক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰিবাই(Riba Amin won International Indian Icon) ।

গেল্লেপাৰা গাঁৱৰ ৰকিফুল আমিন আৰু ৰুমিনা বেগম প্ৰথমা কন্যা ৰিবা আমিনৰ এই সফলতাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে ৰিবাৰ পিতৃ-মাতৃ তথা আত্মীয় ৷ উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ প্ৰথম দুটা পৰ্যায় অনলাইনত অনুষ্ঠিত হৈছিল ৷ কিন্তু ছেমি ফাইনেল আৰু ফাইনেল প্ৰতিযোগিতা অনলাইনৰ বিপৰীতে অফলাইনত নতুন দিল্লীৰ লোধিৰোডস্থিত গোদাবৰী প্ৰেক্ষাগৃহ (Godavari Theater at Lodhi Road in New Delhi)ত অনুষ্ঠিত হয় ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত খিতাপ দখল সৰভোগৰ ৰিবাৰ

“জিনিয়াচ পাৰফৰ্মিং আৰ্ট লিমিটেড”ৰ বেনাৰত অনুষ্ঠিত সংগীতৰ এই ৰিয়েলিটি শ্ব’ত কিশোৰী শিল্পী গৰাকীয়ে চেম্পিয়নৰ খিতাপ লাভ কৰাৰ লগতে, আমেৰিকাৰ চিকাগ’ত অনুষ্ঠিত হ’ব লগা সংগীতৰ “গ্ৰেণ্ড ফাইনেল”ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ কিন্তু আৰ্থিক অৱস্থাৰ বাবে এতিয়া থমকি ৰ’ব লগাত পৰিছে ৰিবা ৷ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে উক্ত “গ্ৰেণ্ড ফাইনেল” অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব বুলিও জানিবলৈ দিয়ে ৰিবাৰ পিতৃ ৰকিফুল আমিনে ।

সেয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক আৰু সাংসদগৰাকীৰ পৰা কিছু সহায়ত হাত বিচাৰিছে কিশোৰী শিল্পীগৰাকীৰ পিতৃয়ে ৷ ভাৰতৰ হৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হ’ব লগা “গ্ৰেণ্ড ফাইনেল” অনুষ্ঠানত অংশগ্ৰহণৰ বাট মুকলি কৰি দিলে তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিব বুলিও কিশোৰী শিল্পীগৰাকীৰ পিতৃয়ে সমবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । সৰভোগৰ জ্ঞান বিকাশ বিদ্যাভৱনৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিবা আমিনে ইতিমধ্যে সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰিছে যদিও সম্প্ৰতি গুৰু জিতেন বসুমতাৰীৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক :ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ

ABOUT THE AUTHOR

...view details